• Home
  • »
  • News
  • »
  • assam
  • »
  • HSLC Result 2021: মেট্ৰিকত অনুত্তীৰ্ণ ছাত্ৰ–ছাত্ৰীৰ প্ৰবল প্ৰতিবাদ, ফলাফলক লৈ অসন্তুষ্টি

HSLC Result 2021: মেট্ৰিকত অনুত্তীৰ্ণ ছাত্ৰ–ছাত্ৰীৰ প্ৰবল প্ৰতিবাদ, ফলাফলক লৈ অসন্তুষ্টি

  • Share this:

আজি ঘোষণা হোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ মুঠেই সুখী নহয় হোজাইৰ এখন বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী। হোজাইৰ গান্ধী বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ–ছাত্ৰীয়ে সদ্যঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ৰূপায়ণ কৰিছে প্ৰতিবাদ।


বিদ্যালয়খনৰ অনুত্তীৰ্ণ ছাত্ৰ–ছাত্ৰীয়ে বিদ্যালয়ৰ চৌহদত সাব্যস্ত কৰে  প্ৰতিবাদ। প্ৰৱেশগেটত তলা লগাই বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীক আবদ্ধ কৰি ছাত্ৰ–ছাত্ৰীয়ে প্ৰতিবাদ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। বিদ্যালয়খনৰ অনুত্তীৰ্ণ  ছাত্ৰ–ছাত্ৰীক উত্তীৰ্ণ কৰাই দিয়াৰ দাবীত ছাত্ৰ–ছাত্ৰীয়ে ৰূপায়ণ কৰা প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হয় আৰক্ষী চি আৰ পি এফৰ জোৱান।


উল্লেখ্য যে বিদ্যালয়খনৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ৭৮ গৰাকীৰ ভিতৰত উত্তীৰ্ণ হৈছে মাত্ৰ ১৫গৰাকী ছাত্ৰ–ছাত্ৰী। এক দুই নম্বৰৰ বাবে অনুত্তীৰ্ণ হোৱা বাকী ছাত্ৰ–ছাত্ৰীকো উত্তীৰ্ণ কৰাই দিয়াৰ দাবীত  বহু সময় ধৰি ছাত্ৰ–ছাত্ৰীয়ে অব্যাহত ৰাখে প্ৰতিবাদ।

Published by:Gautam Barman
First published: