অসম বিধানসভাৰ সচিবালয়ৰ কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা। অধ্যক্ষৰ হৈ প্ৰধান সচিবৰ বিশেষ কঠোৰ নিৰ্দেশনা। বায়'মেট্ৰিক মেচিনত দিব লাগিব উপস্থিতিৰ স্থিতি।
পুৱা ৯:৩০ত উপস্থিত হ'ব লাগিব কাৰ্যালয়ত। নিয়মীয়া বিষয়া-কৰ্মচাৰীৰ লগতে দৈনিক মজুৰি, ঠিকা ভিত্তিক কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম। সাজ-পোছাকক লৈও বিশেষ নিৰ্দেশনা প্ৰধান সচিবৰ।
আনুষ্ঠানিক সাজ-পোছাক পৰিধান কৰিব লাগিব সচিবালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়ে।আনুষ্ঠানিক সাজ-পোছাকত পিন্ধিব পাৰিব ছুৰিদাৰ, শাৰী, মেখেলাচাদৰ, আনুষ্ঠানিক পেন্ট-চাৰ্ট।
পৰিধান কৰিব নোৱাৰিব কেজুৱেল পোছাক টি-চাৰ্ট, জীনচ আৰু লেগিংছ। সপ্তাহৰ বুধবাৰে বিষয়া-কৰ্মচাৰীয়ে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰিব পাৰিব। বিধানসভাৰ অধিৱেশন, বিধানসভাৰ বিশেষ অনুষ্ঠানত বিধানসভাৰ সচিবালয়ে বিধি অনুসৰি প্ৰদান কৰা সাজ-পোছাক পৰিধান কৰিব লাগিব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|