• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19: যোৰহাটত ১২-১৩ জুলাইত গেলামাল–পাচলি–ফলমূলৰ বিক্ৰী বন্ধৰ নিৰ্দেশ

Covid-19: যোৰহাটত ১২-১৩ জুলাইত গেলামাল–পাচলি–ফলমূলৰ বিক্ৰী বন্ধৰ নিৰ্দেশ

যোৰহাট জিলাত কোভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ পদক্ষেপ জিলা প্ৰশাসন আৰু আৰক্ষীৰ।

যোৰহাট জিলাত কোভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ পদক্ষেপ জিলা প্ৰশাসন আৰু আৰক্ষীৰ।

যোৰহাট জিলাত কোভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ পদক্ষেপ জিলা প্ৰশাসন আৰু আৰক্ষীৰ।

  • Share this:

যোৰহাটৰ জিলা উপায়ুক্তই অহা ১২ আৰু ১৩ জুলাইত জিলাখনত সকলোধৰণৰ গেলামাল সামগ্ৰী, পাচলি আৰু ফলমূলৰ বিক্ৰী বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ৷ জিলাখনত কোভিড সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্তই জাৰি কৰা এই নিৰ্দেশ সমগ্ৰ যোৰহাট জিলাতে প্ৰযোজ্য হ'ব ৷ আনহাতে যোৱা ২৫ জুনৰ পৰা একেলেথাৰিয়ে জিলাখনৰ চুকে–কোণে অব্যাহত আছে আবকাৰী অভিযান।


যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ সহযোগত জিলাখনৰ ৪টা ৰাজহ চক্ৰতে  ২৫ জুনৰ পৰা একেলেথাৰিয়ে চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে ৷ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নিৰ্দেশত আৰু আবকাৰী বিভাগৰ অধীক্ষক বনানী হোজাইৰ নেতৃত্বত আবকাৰী দলসমূহে মৰিয়নিৰ বিজয়পুৰ, নিউ সোণোৱাল, দকলঙীয়া, কাঠনিবাৰী চাহ বাগিচা, তিতাবৰৰ কেঁচাইখাটি, শিলিখা গ্ৰান্ত, কছাৰী গাঁও, যোৰহাট ৰাজহ চক্ৰৰ অধীনৰ নাওশলীয়া গাঁও , চকলাটিং বাগান , নপমুৱা গাঁও, বাঘমৰা, ২৮নং মুৰমুৰীয়া, বৰভেটা, টীয়কৰ গড়চুক, বলমা চাওদাং গাঁও, গাভৰু, মুদৈজান, ফেঁচুৱাল  আদি  অঞ্চলত প্ৰায় ৪৩টা চুলাই ঘাটি উৎখাত কৰাৰ লগতে গোচৰ ৰুজু কৰে ।


যোৱা ২৫ জুনৰ পৰা ১১ জুলাইলৈকে মুঠ ৮৫ লিটাৰ চুলাই মদ ,৭৭৩০ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী, ২৪ টা মদ বনোৱা যন্ত্ৰ নষ্ট কৰা হয় ৷ আনহাতে বিদেশী সুৰা ৫৯.০৪৫  L.P.L. , বীয়েৰ ৭.৫ B.L. আৰু দেশীয় সুৰা ৯.৬৬ L.P.L. জব্দ কৰা হয় বুলি আবকাৰী বিভাগৰ অতিৰিক্ত উপায়ুক্ত  অনুজ ব্ৰহ্মই জানিবলৈ দিছে ৷ যোৰহাট, টীয়ক, মৰিয়নি  আৰু তিতাবৰত হোৱা এই অভিযানকালত আবকাৰী বিষয়া–কৰ্মচাৰীসকল আৰু আৰক্ষী প্ৰশাসনক  গাঁওৰক্ষীবাহিনীৰ দলসমূহে তৎপৰতাৰে সহযোগিতা আগবঢ়াই আহিছে।

Published by:Gautam Barman
First published: