২০২০ বৰ্ষৰ অক্টোবৰ মাহতে ৰাজপথৰ পুথিভঁৰালৰ আৰ্হিত চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাটিৰ কানু ভোগবাৰী গাঁৱত গঢ় লৈ উঠিছিল এটি ক্ষুদ্ৰ পথৰ পুথিভঁৰালৰ ৷ অঞ্চলটোত জ্ঞানৰ পোহৰ বিলাবলৈ গঢ় লৈ উঠা পথৰ পুথিভঁৰালটোৱে এতিয়া আনিছে আশাৰ বতৰা৷ কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি উঠিছে গাঁওখনত ৷ নিজৰ মন পছন্দৰ যিকোনো এখন কিতাপ সংগ্ৰহ কৰি পথৰ কাষতেই অধ্যয়ন কৰিব পৰা বিশেষ সুবিধা আছে এই পথৰ পুথিভঁৰালটোত।
প্ৰতি দিনেই পুৱা ৬ বজাৰ পৰা সন্ধিয়া পৰ্যন্ত গাঁও খনৰ শিশুৰ পৰা বৃদ্ধলৈকে কিতাপ অধ্যয়ন কৰিবলৈ আহে এই পথৰ পুথিভঁৰালটোলৈ। বৰ্তমান সময়ত কোৰোণা মহামাৰীৰ বাবে ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱাৰ পৰা বিৰত আছে। এই সময়ছোৱাত উঠি অহা প্ৰজন্মৰ বৌদ্ধিক বিকাশৰ কথা চিন্তা কৰিয়ে সোণাৰিৰ অসম অৰুণাচল সীমান্তৰ সাপেখাতীৰ কানু ভোগবাৰী গাঁৱৰ ঐতিহাসিক নেফা আলিৰ কাষত পথৰ পুথিভঁৰাল নামেৰে এই ৰাজপথৰ পুথিভঁৰালটো গঢ়ি তুলিছিল উচ্চ শিক্ষাৰে শিক্ষিত সমাজ সচেতন যুৱতী অনিন্দিতা গগৈয়ে।
বিশেষকৈ চাহ শ্ৰমিক আৰু আহোম জনগোষ্ঠীয় লোক বসবাস কৰা অঞ্চলটোত চাহ শ্ৰমিক সকলৰ বহু ছাত্ৰ-ছাত্ৰীয়ে আধাতেই বিদ্যালয় ত্যাগ কৰে৷ এই বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীসকলক জ্ঞানৰ পোহৰ বিলোৱাৰ পৰিকল্পনা লৈ আগবাঢ়িছে যুৱতী গৰাকী৷ বৰ্তমান এইগৰাকী যুৱতীৰ তত্ত্বাৱধানত অঞ্চলটোত কিতাপ পঢ়াৰ এক সুকীয়া আন্দোলন গঢ়ি উঠিছে ।
শিশু সকলক জ্ঞানৰ পোহৰ বিলোৱাৰ লগতে শিশু শ্ৰমিক ৰোধৰ চেষ্টা কৰিছে যুৱতী গৰাকীয়ে৷ এই ৰাজপথৰ পুথিভঁৰালটি কেৱল কিতাপ অধ্যয়ন কৰাই নহয় ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰো এক অন্যতম সুকীয়া মঞ্চও হৈ পৰিছে।
আনহাতে স্থানীয় বহু লোকৰ লগতে ৰাজ্যখনৰ তথা প্ৰবাসী অসমীয়াৰ মাজতো জনপ্ৰিয়তা লাভ কৰিছে এই পুথিভঁৰালটোৱে। বিভিন্ন সময়ত স্থানীয় তথা প্ৰবাসী অসমীয়াৰ সহায়ত ৰূপায়ণ কৰা হৈছে বহু ছাত্ৰ কল্যাণ কেন্দ্ৰিক কাৰ্যসুচী।