বাক্সাত দুটা হাতী পোৱালিক লৈ উৎসুকতা ৰাইজৰ মাজত। কোনোৱে উঠিছে চেল্ফী, কোনোৱে দিছে খাদ্য। এফালে ভাৰত- ভূটান সীমান্তত বনৰীয়া হাতীৰ সন্ত্ৰাসত ৰাইজে বিনিদ্ৰ ৰজনী পাৰ কৰিছে, আনফালে দুটা হাতী পোৱালিয়ে ৰাইজক দিছে আমোদ৷ ৰাইজৰ মৰমত হাতী পোৱালি দুটাই যেন এৰিব বিচৰা নাই জনঅৰণ্য৷
বিগত দুবছৰ পূৰ্বে কাজিৰঙাৰ পৰা মানাহলৈ আনিছিল মাতৃহাৰা হাতী পোৱালি দুটা৷ বন বিভাগৰ তত্বাৱধানত হাতী পোৱালি দুটা কিছু ডাঙৰ হোৱাত এৰি দিছিল মানাহৰ ঘন জংগলত৷ পিছে বন এৰি হাতী পোৱালি দুটা ঘূৰি আহে জনঅৰণ্যলৈহে৷
পোৱালি দুটাক বন বিভাগৰ লোকে বাৰম্বাৰ জংগলত এৰি আহিলেও পুনৰ উপস্থিত হয় জনাঞ্চলত৷ আজি পুনৰ উপস্থিত হয় বাক্সা জিলাৰ পাহাৰপুৰ অঞ্চলত৷ প্ৰথম অৱস্থাত হাতী দেখি অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছিল যদিও বন বিভাগৰ লোক উপস্থিত হোৱাৰ পিছতে ৰাইজৰ মাজৰ পৰা আঁতৰি যায় ভয়–শংকা৷
কোনোৱে উঠিছে যদি চেল্ফী আৰু আন কোনোৱে হাতী দুটালৈ আগবঢ়াইছে খাদ্য৷ সৰু, বৰ সকলোৱে ওলাই আহিছে হাতী চাবলৈ৷ গজনি আৰু ধেমাজি নামেৰে নামকৰণ কৰা হাতী পোৱালি দুটাক চিনাকী মাতেৰে মাতিলেই লৱৰি যায়৷ পিছে এতিয়া হাতী পোৱালি দুটাক লৈ সমস্যাত পৰিছে বন বিভাগ৷ কিয়নো গ্ৰামাঞ্চলত সোমাই খেতি বাতি অনিষ্ট কৰে হাতী দুটাই৷ সেয়ে হাতী দুটাক পুনৰ মানাহৰ ঘন জংগলত এৰি দিব বন বিভাগে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|