লকডাউনে সলনি কৰিলে জীৱন, পানীপুৰী বিক্ৰী কৰা দুই ভাতৃয়ে এতিয়া কৰিছে কি?

News18 Assam | News18-Assam
Updated:May 20, 2020, 8:43 PM IST
লকডাউনে সলনি কৰিলে জীৱন, পানীপুৰী বিক্ৰী কৰা দুই ভাতৃয়ে এতিয়া কৰিছে কি?
বহুতৰে এতিয়া ৰবীন-ললনৰ দৰে সলনি হৈছে জীৱন৷ বহুতেই হয়তো পূৰ্বৰ জীৱন–জীৱিকা বাদ দিবলৈ বাধ্য হৈছে৷

বহুতৰে এতিয়া ৰবীন-ললনৰ দৰে সলনি হৈছে জীৱন৷ বহুতেই হয়তো পূৰ্বৰ জীৱন–জীৱিকা বাদ দিবলৈ বাধ্য হৈছে৷

  • Share this:
লকডাউনে সলনি কৰিছে বহুতৰে জীৱন৷ লকডাউনে সলনি কৰিছে দৈনিক গণেশগুৰিৰ প্ৰ’টেক টাৱাৰৰ তলত পানীপুৰী বিক্ৰী কৰা ললন আৰু ৰবীন ভাতৃদ্বয়ৰ জীৱন৷ পানীপুৰী বিক্ৰী কৰা ললন-ৰবীনে এই সংকটৰ সময়ত বাছি লৈছে বিকল্প৷ একেলগে পানীপুৰী বিক্ৰী কৰি ঘৰ চলোৱা দুই ভাতৃৰ এজনে পাচলি আৰু আনজনে এতিয়া বিক্ৰী কৰে ফলমূল৷

"কি কৰিব দৈনিক দুই-তিনিহাজাৰ টকাৰ ফুস্কা বিক্ৰী হৈছিল৷ লকডাউনৰ সময়ত প্ৰায় পঞ্চাছ দিন মান ঘৰতে বহিলো৷ ঘৰত বহি থাকিলে পৰিয়াল নচলে৷ সেয়ে চিন্তা কৰিলো বেলেগ কিবা এটা কৰো৷ ভৱা মতেই কাম৷ পানীখাইতীৰ পৰা পুৱাই গৈ পাচলি আনো৷ সকলো ঠিক হ'লে আকৌ পানীপুৰীকে বিক্ৰী কৰিম৷" ক'লে ৰবীনে।

একেদৰে ললনেও বাচি লৈছে আন এক বিকল্প৷ ৰবীনৰ পৰা দহ ফুট মান আঁতৰতে ঠেলা এখনত ফল–মূল লৈ ব্যস্ত এতিয়া ললন৷ "খুব এটা ভাল নহয় বিক্ৰী বুজিছেনে৷ তথাপি লাগি আছো৷ ঘৰখনতো চলাব লাগিব৷ ল'ৰা ছোৱালী, পৰিয়াল লৈ অন্যথা চলিব নোৱাৰি"— ক'লে ললনে৷

বহুতৰে এতিয়া ৰবীন-ললনৰ দৰে সলনি হৈছে জীৱন৷ বহুতেই হয়তো পূৰ্বৰ জীৱন–জীৱিকা বাদ দিবলৈ বাধ্য হৈছে৷ বাছি লৈছে জীৱিকাৰ আৰ্হি হিচাপে আন এক বিকল্প৷ চলি থাকিব লাগিব জীৱন৷
First published: May 20, 2020, 8:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading