মঙলদৈৰ উপহুপাৰা গাঁৱৰ ২নং কলনীৰ এগৰাকী কিশোৰীৰ জীৱন সংগ্ৰাম। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোক সকাহ দিবলৈ তাই স্কুললৈ যোৱা চাইকেলখনতে ঘৰুৱা শাক–পাচলি লৈ বিক্ৰী কৰিবলৈ ওলাই যায় তাই। অল্পনাৰ পিতৃ কাম কৰিবলৈ অসমৰ্থ, মাতৃ অসুস্থ। যাৰ বাবে উপায়ন্তৰ হৈ অল্পনা বৰুৱাই ঘৰুৱা শাক–পাচলি চাইকেলখনত লৈ বিক্ৰী কৰি ভৰণ–পোষণ দিবলগীয়া হৈছে পিতৃ–মাতৃক। পিতৃ–মাতৃৰ শেতা পৰা মুখলৈ চাই এইদৰেই অল্পনা বৰুৱা নামৰ কিশোৰীগৰাকীয়ে চলাই গৈছে জীৱন সংগ্ৰাম।
আৰ্থিক অনাটনৰ বাবে মাতৃৰ জটিল অস্ত্ৰোপচাৰ কৰিব পৰা নাই। কঁচু–ঢেকীয়া বিক্ৰী কৰি পোৱা টকাকেইটাৰে দুবেলা দুসাঁজ খোৱাৰ যোগাৰ কৰিবনে মাতৃৰ ঔষধ কিনিব? বিমোৰত পৰে অল্পনা। কিন্তু অল্পনাই যেন হাৰ মানিব নোখোজে।
নিজৰ স্কুললৈ যোৱা চাইকেলখনত ঢেকীয়া, কঁঠালৰ মুচি, ভেদাইলতা, দ্ৰোণ শাক, হেলেছি, নৰসিংহ, লাওৰ আগ, পচলা, কঁচু আদি লৈ গাঁৱৰ ঘৰে ঘৰে বিক্ৰী কৰিবলৈ ওলাই যায় অল্পনা। পিতৃয়ে ঠেলা চলাই ঘৰখন চলাই আছিল যদিও এতিয়া কাম কৰিবলৈ অসমৰ্থ। দেহাই নাটানে। পিতৃয়ে কাম কৰিব নোৱাৰাত জীয়ৰীয়ে এইদৰে চাইকেল চলাই পাচলি বিক্ৰী কৰি ঘৰখন চলাই আহিছে।
পিতৃৰ ঠেলাখন এতিয়া পৰি আছে। টানিবলৈ দেহাত শকতি নাই। পিতৃয়ে কাম কৰিব নোৱাৰা হোৱাৰ পৰাই ঘৰখন আৰ্থিকভাৱে জুৰুলা হৈ পৰে৷ ফলত এতিয়া ঘৰখনৰ সকলো দায়িত্ব কান্ধ পাতি ল’বলগীয়া হৈছে এই ১৬ বছৰীয়া কিশোৰীগৰাকীয়ে৷ অভাৱৰ বাবেই পঢ়াও আধাতে সামৰিলে অল্পনাই। সপোন আছিল পঢ়ি–শুনি কিবা এটা কৰিব। কিন্তু সপোনবোৰ বুকুতে সামৰি ৰাখিবলগীয়া হ’ল দৰিদ্ৰতাৰ বাবে।
দুৰ্ভগীয়া পৰিয়ালটোৱে আজিলৈ নাপালে কোনো চৰকাৰী সাহায্য। গাঁৱৰ ৰাইজে তাই বিক্ৰী কৰিবলৈ লৈ যোৱা পাচলি কিনি তাইৰ ঘৰখন চলাই নিয়াত সহায় কৰি আহিছে। দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰো। ৰাইজে আশা কৰিছে, স্থানীয় জনপ্ৰতিনিধিয়ে কিবা এটা সুব্যৱস্থা কৰিব পৰিয়ালটোৰ। বাতৰি সংগ্ৰহ কৰিবলৈ গৈ কিশোৰীগৰাকীক News18ৰ সাংবাদিকেও আগবঢ়ালে কিছু আৰ্থিক সাহায্য।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|