মুখ্যপৃষ্ঠা »খবৰ »অসম »হোমেন বৰগোহাঞিৰ বাবেই সংৰক্ষিত হৈছিল ব্ৰিটিছৰ দিনত নিৰ্মিত জয়পুৰৰ বন বিভাগৰ সুদৃশ্য চাং বঙলা

হোমেন বৰগোহাঞিৰ বাবেই সংৰক্ষিত হৈছিল ব্ৰিটিছৰ দিনত নিৰ্মিত জয়পুৰৰ বন বিভাগৰ সুদৃশ্য চাং বঙলা

প্ৰকৃততে সাহিত্য আৰু সাংবাদিকতাৰ এই অনন্য প্ৰতিভাধৰ ব্যক্তিগৰাকী আছিল ঐতিহ্যৰ প্ৰতিও অতি সংবেদনশীল৷

প্ৰকৃততে সাহিত্য আৰু সাংবাদিকতাৰ এই অনন্য প্ৰতিভাধৰ ব্যক্তিগৰাকী আছিল ঐতিহ্যৰ প্ৰতিও অতি সংবেদনশীল৷

প্ৰকৃততে সাহিত্য আৰু সাংবাদিকতাৰ এই অনন্য প্ৰতিভাধৰ ব্যক্তিগৰাকী আছিল ঐতিহ্যৰ প্ৰতিও অতি সংবেদনশীল৷

  • Share this:
অসমৰ সমাজ জীৱনৰ  দিকদৰ্শক, সাহিত্য জগতৰ মহীৰূহ, সাংবাদিকতাৰ ক্ষেত্ৰখনৰ অন্যতম পুৰোধা ব্যক্তি হোমেন বৰগোহাঞিৰ মহাপ্ৰয়াণে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাৰ জয়পুৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু ইয়াৰ লগত জড়িত লোকসকলকো ব্যথিত কৰিছে। কিয়নো এই অভয়াৰণ্যখনৰ সৈতে বৰগোহাঞিৰ আছিল এক আত্মিক সম্পৰ্ক। যাৰ বাবে একমাত্ৰ তেখেতৰ দৃঢ় পদক্ষেপৰ ফলতেই ৰক্ষা পৰিছিল তেতিয়াৰ বনাঞ্চলখনৰ এক ঐতিহাসিক সম্পদ।

প্ৰকৃততে সাহিত্য আৰু সাংবাদিকতাৰ এই অনন্য প্ৰতিভাধৰ ব্যক্তিগৰাকী আছিল ঐতিহ্যৰ প্ৰতিও অতি সংবেদনশীল৷ তেওঁৰ তেনে সংবেদনশীলতাৰ বাবেই জয়পুৰত আজিও সংৰক্ষিত হৈ উজলি আছে ব্ৰিটিছৰ দিনৰে এটি আটকধুনীয়া চাং বাংলো৷ স্মৰণীয় যে শতিকা চুবলৈ আগবঢ়া কাঠেৰে নিৰ্মিত বন বিভাগৰ উক্ত চাং বাংলোটোৱে দীৰ্ঘ বছৰ ধৰি প্ৰায় ৮০ দশক পৰ্যন্ত বনাঞ্চলখনলৈ অহা অতিথি–পৰ্যটকসকলৰ প্ৰতি সেৱা আগবঢ়োৱাৰ অন্তত এটা সময়ত ই এৰাবাৰীত পৰিণত হ’বলৈ ধৰে। বিশেষকৈ ৯০ৰ দশকত অসমত আলফা দমনৰ নামত আৰম্ভ হোৱা অপাৰেচন বজৰং, অপাৰেচন ৰাইনো আদিৰ সময়ত ভাৰতীয় সেনাই উক্ত বঙলাটো সেনা শিবিৰ ৰূপে ব্যৱহাৰ কৰি তাত বহু যুৱকক শাস্তি প্ৰদান কৰাৰ তথ্য লোকৰ মুখে মুখে বিয়পি পৰাত এই বঙলাটোৰ প্ৰতি মানুহৰ মাজত সোমাই পৰিছিল এক অজান আশংকা।

এনে প্ৰেক্ষাপটত আৰু ই ক্ৰমে অধিক জৰাজীৰ্ণ ৰূপ লোৱাত  ২০০৭ চনত বন বিভাগে সিদ্ধান্ত লৈছিল সেইটো ভাঙি তাৰ ঠাইত পকী ভৱন এটা নিৰ্মাণ কৰিবলৈ৷ সেই বছৰৰে জুলাই মাহত ডিব্ৰুগড়ত এক সাহিত্যৰ অনুষ্ঠানত অংশ ল’বলৈ আহি হোমেন বৰগোহাঞিয়ে ভুমুকি মাৰিছিল জয়পুৰৰ চাং বাংলোটোৰ বাকৰিত, য’ত তেওঁৰ সৈতে আহিছিল তেওঁৰ বৰপুত্ৰৰ উপৰিও সাহিত্যিক তথা চিকিৎসকদ্বয় নিৰ্মল চাহেৱালা আৰু প্ৰণয় ফুকনৰ লগতে বৰগোহাঞিৰ নাহৰকটীয়াস্থিত অনুজপ্ৰতিম বন্ধু জয়ানন্দ বৰুৱা৷

সেই সময়ত জয়পুৰ বন বিভাগত বনাঞ্চলিক বিষয়া হিচাপে কৰ্মৰত আছিল বৰ্তমানে ডিব্ৰুগড় বন সংমণ্ডলৰ বিষয়া প্ৰদীপ্ত বৰুৱা৷ উল্লেখ্য যে প্ৰদীপ্ত বৰুৱাৰ পৰা বন বিভাগে উক্ত স্থানত পুৰণি চাং বাংলোটো ভাঙি পকী ভৱন নিৰ্মাণ কৰিব বুলি জানি সৰৱ হৈ উঠিছিল বৰগোহাঞি৷ তেওঁৰ মতে ব্ৰিটিছৰ দিনৰ কাৰুকাৰ্যৰে সজ্জিত এনে এটা ঐতিহাসিক চাং বাংলো ভাঙি থানবান কৰাটো ঐতিহ্য ৰক্ষাৰ পৰিপন্থী৷

ক্ষোভিত হোমেন বৰগোহাঞিয়ে সিদিনাই সেই স্থানৰ পৰাই তদানীন্তন বনমন্ত্ৰী ৰকিবুল হুছেইনক ফোনত বন বিভাগৰ তেনে আঁচনি বাতিল কৰিবলৈ হেঁচা প্ৰদান কৰে আৰু একমাত্ৰ সেই হেঁচাৰ ফলশ্ৰুতিতেই বন বিভাগে উক্ত স্থানত পকী ভৱন নিৰ্মাণৰ পৰিকল্পনা বাদ দিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে বৰগোহাঞিয়ে কেৱল বনমন্ত্ৰীক ফোনত হেঁচা দিয়েই ক্ষান্ত থকা নাছিল, জয়পুৰৰ পৰা উভতি গৈ "আমাৰ অসম"ৰ নিজস্ব কলমত সমগ্ৰ বিষয়টোক লৈও হৈ পৰিছিল সৰৱ৷ যাৰ পৰিণতিত জয়পুৰৰ কাঠৰ চাং বাংলাটোৰ পূৰ্বৰ ৰূপ অক্ষত ৰাখি মাত্ৰ এটা বছৰৰ ভিতৰতে পুনঃনিৰ্মাণ কৰি উলিয়াবলৈ বাধ্য হ’ল তদানীন্তন বনমন্ত্ৰীগৰাকী। এই পুনৰনিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ পিছত এই বাংলোটোৰ শুভ উদ্বোধনী অনুষ্ঠানত জয়পুৰত আহি উপস্থিত আছিলহি সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ দুই মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ লগতে স্বয়ং হোমেন  বৰগোহাঞি।

এনে এক মহান পদক্ষেপ গ্ৰহণ কৰি এক ঐতিহাসিক সম্পদ ৰক্ষা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰা হোমেন বৰগোহাঞিৰ মৃত্যুত সেই সময়ৰ স্মৃতি ৰোমন্থন কৰি বন বিষয়া প্ৰদীপ্ত বৰুৱাই কয় যে জয়পুৰত বন বিভাগৰ যি ঐতিহাসিক চাং বাংলো গৌৰৱৰে থিয় হৈ আছে তাৰ কৃতিত্ব কেৱল হোমেন বৰগোহাঞি ছাৰৰ। আৰু সেইবাবেই শোকাবিভূত সমগ্ৰ জয়পুৰবাসীৰ মাথোঁ এটাই কামনা, কায়িকভাৱে যদিও  ছাৰৰ মৃত্যু হ’ল, তথাপিও কিন্তু জয়পুৰ অভয়াৰণ্যৰ বুকুত যিদৰে পৰিদৰ্শন বঙলাটো জিলিকি আছে, বৰগোহাঞিও আমাৰ হৃদয়ত জিলিকি ৰ’ব চিৰদিন।

শেহতীয়া বাতৰি