• Home
  • »
  • News
  • »
  • assam
  • »
  • পেটত ভোক, দুচকুত আশা..., লকডাউনৰ মাজত কেইটামান কল লৈ গ্ৰাহকৰ অপেক্ষা এটি কণমানিৰ

পেটত ভোক, দুচকুত আশা..., লকডাউনৰ মাজত কেইটামান কল লৈ গ্ৰাহকৰ অপেক্ষা এটি কণমানিৰ

পিতৃ দিন হাজিৰা কৰিবলৈ গৈছে। ঘৰৰ বাৰীত পকিবলৈ লোৱা মালভোগ কলকেইটা বিক্ৰী কৰি পোৱা পইচা কেইটাৰে ঘৰৰ প্ৰয়োজনী খাদ্য সামগ্ৰী কিনি আনিবলৈ কৈছে পংকজক।

পিতৃ দিন হাজিৰা কৰিবলৈ গৈছে। ঘৰৰ বাৰীত পকিবলৈ লোৱা মালভোগ কলকেইটা বিক্ৰী কৰি পোৱা পইচা কেইটাৰে ঘৰৰ প্ৰয়োজনী খাদ্য সামগ্ৰী কিনি আনিবলৈ কৈছে পংকজক।

পিতৃ দিন হাজিৰা কৰিবলৈ গৈছে। ঘৰৰ বাৰীত পকিবলৈ লোৱা মালভোগ কলকেইটা বিক্ৰী কৰি পোৱা পইচা কেইটাৰে ঘৰৰ প্ৰয়োজনী খাদ্য সামগ্ৰী কিনি আনিবলৈ কৈছে পংকজক।

  • Share this:
বৰ্তমান দেশত চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন। দিন হাজিৰা কৰি খোৱা লোকসকলেও যাব পৰা নাই কাম কৰিবলৈ। আৰ্থিকভাৱে জুৰুলা হৈছে দৰিদ্ৰ পৰিয়ালসমূহ। ঘৰৰ প্ৰয়োজনীয় সামগ্ৰীখিনি কিনিবলৈও যেন সামৰ্থ নাই একাংশ পৰিয়ালৰ। লকডাউনে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে খাটিখোৱা লোকসকলৰ মাজত।

লকডাউনৰ মাজতে এটা বিশেষ হৃদয় চুই যোৱা দৃশ্য। মঙলদৈ–ভূতিয়াচাং পথৰ ৭নং ৱাৰ্ড। পথৰ দাঁতিত এটি কিশোৰে মুখত মাস্ক পৰিধান কৰি সন্মুখত কেইটামান কল লৈ অপেক্ষা কৰিছে গ্ৰাহকৰ বাবে। আশা, কলকেইটা বিক্ৰী কৰি পোৱা পইচাৰে কিনিব পাৰিব ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী।

এই কিশোৰটিৰ নাম লোহিত দাস। ঘৰ মঙলদৈ চহৰৰ নিকটৱৰ্তী ৭নং ৱাৰ্ডৰ টেঙাবাৰীত।পিতৃ পংকজ দাসে কৰে দিন হাজিৰা। মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ সপ্তম শ্ৰেণী ছাত্ৰ ,লোহিতে ঘৰুৱা প্ৰয়োজন পূৰণ কৰিবলৈ এইদৰে পথৰ দাঁতিত বিক্ৰী কৰিব লগা হৈছে কল।পিতৃ দিন হাজিৰা কৰিবলৈ গৈছে। ঘৰৰ বাৰীত পকিবলৈ লোৱা মালভোগ কলকেইটা বিক্ৰী কৰি পোৱা পইচা কেইটাৰে ঘৰৰ প্ৰয়োজনী খাদ্য সামগ্ৰী কিনি আনিবলৈ কৈছে পংকজক। সেয়েহে কলকেইটা লৈ এইদৰে ৰাজপথৰ দাঁতিত বহিছে লোহিত।



লোহিতৰ আশা পূৰণ হ’ল। প্ৰখৰ ৰ’দত বহি থকা লোহিতৰ পৰা কোনো লোকে ১০০ টকাৰে আধাখিনি কল ক্ৰয় কৰিলে। News18ৰ সাংবাদিকে কিশোৰটিক প্ৰত্যক্ষ কৰি বাকী থকা কলকেইটা ক্ৰয় কৰি শিশুটিক ঘৰলৈ পঠিয়াই দিয়ে। কল বিক্ৰী কৰি পোৱা ২০০ টকাৰে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী লৈ উভতিল লোহিত। স্থানীয় লোকে এনে পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ দাবী জনাইছে।

ৰাজ্য চৰকাৰ, দল–সংগঠনে এই মহামাৰীৰ সময়ত পাৰ্যমানে নিচলা পৰিয়ালসমূহক সহায় কৰিছে। কিন্তু সেই সাহায্য যেন পৰ্যাপ্ত নহয়। নিজে হাতে–কামে নালাগিলে নজ্বলে তেওঁলোকৰ চৌকা। ৰাজ্যত হয়তো এনে বহু লোহিত আছে। লোহিতৰ পৰিয়ালটোৰ দৰে হয়তো আৰু বহু পৰিয়াল আছে, যিসমূহ পৰিয়ালৰ বাবে লকডাউন হৈ পৰিছে এক অভিশাপ স্বৰূপ।
First published: