তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰি সোতৰ বছৰে সম্পূৰ্ণ নোহোৱা এখন দলং, বাহৰ সাকো, নাৱেৰে বিপদসংকুল যাত্ৰা

News18 Assam | News18-Assam
Updated:July 22, 2021, 10:42 AM IST
তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰি সোতৰ বছৰে সম্পূৰ্ণ নোহোৱা এখন দলং, বাহৰ সাকো, নাৱেৰে বিপদসংকুল যাত্ৰা
বৰ্তমানেও লেহেমীয়া গতিত চলি আছে দলং নিৰ্মাণৰ কাম। সলনি হ'ল কেইবাখনো চৰকাৰ, সলনি বিভাগীয় মন্ত্ৰী–আমোলাৰ লগতে সলনি হ’ল কেইবাজনো ঠিকাদাৰ।

বৰ্তমানেও লেহেমীয়া গতিত চলি আছে দলং নিৰ্মাণৰ কাম। সলনি হ'ল কেইবাখনো চৰকাৰ, সলনি বিভাগীয় মন্ত্ৰী–আমোলাৰ লগতে সলনি হ’ল কেইবাজনো ঠিকাদাৰ।

  • Share this:
তিনিবাৰকৈ আধাৰশিলা দুবাৰকৈ কামৰ শুভাৰম্ভ কৰি সোতৰ বছৰে সম্পূৰ্ণ নোহোৱা ৰহা সমষ্টিৰ এখন দলং। ৰহাৰ চাপৰমুখ কচুৱাৰ কপিলী নদীৰ পাৰঘাটত নিৰ্মাণ কৰা দলংখন আজিও সম্পূৰ্ণ হৈ নুঠিল। ২০০৪ চনত তদানীন্তন স্থানীয় বিধায়ক আনন্দ বৰুৱা আৰু গড়কাপ্টানী মন্ত্ৰী শৰৎ বৰকটকীয়ে আৰু ২০১১ চনত পীযুষ হাজৰিকা আৰু অজন্তা নেওগে পুনৰ দলঙৰ আধাৰশিলা স্থাপন কৰিলে। কিন্তু দলঙৰ কাম আজিও সম্পূৰ্ণ হৈ নুঠিল।

বৰ্তমানেও লেহেমীয়া গতিত চলি আছে দলং নিৰ্মাণৰ কাম। সলনি হ'ল কেইবাখনো চৰকাৰ, সলনি বিভাগীয় মন্ত্ৰী–আমোলাৰ লগতে সলনি হ’ল কেইবাজনো ঠিকাদাৰ। কিন্তু কোনেও গুৰুত্ব দিয়া নাই দলংখন সম্পূৰ্ণ কৰাত। ৰাইজে বহুবাৰ লগ ধৰিলে মন্ত্ৰীক। কৰিলে আন্দোলন, প্ৰতিবাদ। কিন্তু ফল নাপালে ৰাইজে। কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকিল। ফলত অতিষ্ঠ হৈ পৰিছে কপিলীৰ দক্ষিণ পাৰৰ ৰাইজ। বাৰিষা টুলুঙা নাৱেৰে আৰু খৰালি বাঁহৰ সাকোৰে মৰণত শৰণ দি যাতায়াত ৰক্ষা কৰি আহিছে অঞ্চলবাসীয়ে।

শেহতীয়াকৈ চৰকাৰে প্ৰতিশ্ৰুতি দিও দলং নিৰ্মাণ সম্পূৰ্ণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলৰ ৰাইজ। দলঙৰ ঠিকাদাৰ জনৈক ৰাজু আগৰৱালাৰ মইমতালিয়েও অতিষ্ঠ কৰি তুলিছে ৰাইজক। উপায়ন্তৰ হৈ ৰাইজ ওলাই আহি ইতিমধ্যে কেইবাবাৰো প্ৰতিবাদো সাব্যস্ত কৰিছে। তথাপিও সলনি নহ’ল কামৰ ঢং। ৰাইজৰ দাবীলৈ এইখন চৰকাৰে কিমান গুৰুত্ব দিয়ে সেয়া হ’ব লক্ষণীয়।
Published by: Sanjay Kumar Das
First published: July 22, 2021, 10:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি