ব্ৰহ্মপুত্ৰৰ এটা চাপৰি। চাপৰিটোৰ নাম তিনিটেকীয়া চাপৰি। ধিঙৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত থকা এই চাপৰিটোত বসবাস কৰে মুছলমান সম্প্রদায়ৰ লোকে। চাপৰিটোত আছে এটা শিৱ মন্দিৰ। হিন্দু সম্প্রদায়ৰ লোক নথকা এই শিৱ মন্দিৰটো চোৱা চিতা কৰে মুছলমান সম্প্রদায়ৰ লোকসকলে।
পবিত্র শিৱৰাত্ৰিলৈ মাত্ৰ দুটা দিনা থকাৰ সময়ত এই চাপৰিটোৰ লোক সকলে দাঙি ধৰিলে সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন। হিন্দু মুছলমান উভয় সম্প্রদায়ৰ লোকে একে লগে মহা শিৱৰাত্রি উদযাপনৰ বাবে চলাইছে প্ৰস্তুতি।
১৯৬৯ চনত মুছলমান লোক সকলৰ সহযোগত স্থাপন কৰা হৈছিল এই শিৱ মন্দিৰটো। কিন্তু বান,গৰাখহনীয়া আৰু ৮৩ আন্দোলনৰ সময়ত হিন্দু সম্প্রদায়ৰ লোকসকল এই স্থান এৰি অন্য স্থানলৈ গুচি যায়। কিন্তু সেই সময়ৰ পৰাই এই মন্দিৰটো চোৱা-চিতা কৰি আহিছে মুছলমান সম্প্রদায়ৰ লোকসকলে।
বৰ্তমান মন্দিৰ পৰিচালনা সমিতিতো আছে মুছলমান সম্প্রদায়ৰ লোক। উৎসৱ পার্বন হ'লেই এইসকল মুছলমান লোকে ধিঙৰ পৰা অহা লোকসকলক আপ্যায়ন কৰি আনন্দ লাভ কৰে। অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত চৰাঞ্চলত বসবাস এইসকল লোকে দাঙি ধৰা এই নিদৰ্শনে প্ৰতিজন লোকৰ বাবে কঢ়িয়াই আনিছে এক শুভবাৰ্তা। উল্লেখ্য যে, তিনিটেকীয়া চাপৰিৰ চৌদিশে প্ৰায় বিছ কিলোমিটাৰ এলেকাত নাই কোনো এজন হিন্দুধৰ্মীয় লোক।