কলগাছিয়াত আছে এখন আজৱ বিদ্যালয়। য’ত শিক্ষক আৰু ছাত্ৰ–ছাত্ৰীৰ সংখ্যা প্ৰায় সমান। কিন্তু ছাত্ৰ–ছাত্ৰীয়ে নাজানে নিজৰ ৰোল নম্বৰ। এইখনেই হয়তো অসমৰ একমাত্ৰ বিদ্যালয় য’ত ১৩জন ছাত্ৰ–ছাত্ৰীৰ বিপৰীতে আছে ৯জন শিক্ষক। বৰপেটাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন বিদ্যালয়ৰ নাম লাচাঙ্গা প্ৰি ছিনিয়ৰ মাদ্ৰাছা।
বিদ্যালয় খোলাৰ তিনি মাহ পিছতো নাই ছাত্ৰ–ছাত্ৰীৰ হাজিৰা বহী, শিক্ষাৰ্থীয়ে নাজানে নিজৰ ৰোল নম্বৰ। অসম মুলুকৰ এই বিদ্যালয়খনত শিক্ষক উপস্থিত হয় দিনৰ এঘাৰ বজাত, কেৰেপ নকৰে চৰকাৰী কোনো নিয়মক। আকৌ বিদ্যালয় ছুটি দিয়ে ১২ বজাতে। মধ্যাহ্ন ভোজন বাদেই ছাত্ৰ–ছাত্ৰীক যোগান ধৰা নাই চৰকাৰী ইউনিফৰ্মো। তিনিটা শ্ৰেণীৰ বিপৰীতে শ্ৰেণীকোঠা আছে দুটা। ৰান্ধনী ঘৰকে বনাই লৈছে শিক্ষকৰ জিৰণি কোঠা আৰু চলাই আছে কাৰ্যালয়ৰ কাম–কাজ। শ্ৰেণীকোঠাত পাঠদানৰ পৰিৱৰ্তে চলি আছে কেৰম খেল।
প্ৰধান শিক্ষক আব্দুছ চামাদ আৰু এখোপ চৰা। বিদ্যালয়লৈ পলমকৈ আহে যদিও নিজৰ চহীটো কৰি ওলায় যায় নিজৰ ব্যক্তিগত কামত। প্ৰধান শিক্ষকৰ বাহিৰে বাকী কোনো শিক্ষকে নাজানে শিক্ষাৰ্থীৰ ফলাফল। অসমত প্ৰায় সংখ্যক বিদ্যালয়তে আছে ছাত্ৰ অনুপাতে শিক্ষকৰ অভাৱ। কিন্তু এইখন বিদ্যালয় তাৰ ব্যতিক্ৰম।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|