• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাৰিৰ ককা–আইতাৰ মুখত বিৰিঙিছে হাঁহি, দৃষ্টিহীন পুত্ৰৰ সৈতে কটাইছিল দুৰ্বিসহ জীৱন

সোণাৰিৰ ককা–আইতাৰ মুখত বিৰিঙিছে হাঁহি, দৃষ্টিহীন পুত্ৰৰ সৈতে কটাইছিল দুৰ্বিসহ জীৱন

শ্বেত মুণ্ডাৰ পৰিয়ালৰ পূৰ্বৰ উৰুখা পঁজাটোৰ ঠাইত নিৰ্মাণৰ ব্যৱস্থা কৰিলে এটা পকীঘৰ।

শ্বেত মুণ্ডাৰ পৰিয়ালৰ পূৰ্বৰ উৰুখা পঁজাটোৰ ঠাইত নিৰ্মাণৰ ব্যৱস্থা কৰিলে এটা পকীঘৰ।

শ্বেত মুণ্ডাৰ পৰিয়ালৰ পূৰ্বৰ উৰুখা পঁজাটোৰ ঠাইত নিৰ্মাণৰ ব্যৱস্থা কৰিলে এটা পকীঘৰ।

  • Share this:
সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল সোণাৰিৰ শ্বেত মুণ্ডাৰ দুৰ্বিসহ জীৱনৰ বাস্তৱ ছবি। এজন দৃষ্টিহীন পুত্ৰৰ সৈতে এহাল বৃদ্ধ দম্পতীয়ে এটা উৰুখা পঁজাত কটাইছিল দুৰ্বিসহ জীৱন। বাতৰি সম্প্ৰচাৰৰ পাছতেই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল সাংসদ তপন গগৈ আৰু চৰাইদেউ জিলা বিজেপি।

শ্বেত মুণ্ডাৰ পৰিয়ালৰ পূৰ্বৰ উৰুখা পঁজাটোৰ ঠাইত নিৰ্মাণৰ ব্যৱস্থা কৰিলে এটা পকীঘৰ। বতৰে বিধি পথালি নিদিলে অহা এটা মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব শ্বেত মুণ্ডাৰ নিৰ্মাণৰত পকীঘৰটো। সংবাদ মাধ্যমৰ জৰিয়তে সোণাৰিৰ গোৱালা পথাৰ গাঁৱৰ শ্বেত মুণ্ডাৰ দুৰ্দশাগ্ৰস্ত জীৱন নিৰ্বাহৰ কথা জানিব পাৰি বিষয়টো গুৰুত্ব সহকাৰে লয় চৰাইদেউ জিলা বিজেপিয়ে। জিলা বিজেপিৰ সম্পাদক স্বাক্ষৰ গগৈয়ে বিষয়টো স্থানীয় সাংসদ তপন কুমাৰ গগৈৰ সৈতে আলোচনা কৰি ততাতৈয়াকৈ দৰিদ্ৰ শ্বেত মুণ্ডাৰ পৰিয়ালৰ বাবে চৰকাৰী গৃহৰব্যৱস্থা কৰে।

উল্লেখযোগ্য যে বিজেপিৰ ৱাৰ্ড সদস্য বুবুল ওৰাঙে পৰিয়ালটোলৈ আবণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটোৰ কাম ডেৰ বছৰে আৰম্ভ কৰা নাছিল আৰু ইয়াৰ বিপৰীতে মুণ্ডাৰ বেংক পাছবুকখনো নিজৰ ওচৰত ৰাখিছিল। বুধবাৰে স্বাক্ষৰ গগৈয়ে সোণাৰি নগৰ মণ্ডলৰ সাধাৰণ সম্পাদক ভাস্কৰ বৰুৱা আৰু বিজেপি কৰ্মী পুতুল শইকীয়াৰ সৈতে শ্বেত মুণ্ডাৰ ঘৰত উপস্থিত হৈ  কিছু খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে আগন্তুক এমাহৰ ভিতৰত তেওঁৰ নিৰ্মীয়মান চৰকাৰী আৱাস গৃহটো সম্পূৰ্ণ হোৱাৰ আশ্বাস প্ৰদান কৰে।
First published: