কোৰোণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে দুলীয়াজানত একাংশ হৃদয়বান যুৱকে পথৰ কাষত পৰি থকা এজন মানসিকভাৱে অসুস্থ যুৱকৰ কাষত থিয় দি এক প্ৰশংসনীয় পদক্ষেপেৰে সমাজত এক উদাহৰণ ডাঙি ধৰিছিল। এজন মানসিকভাৱে অসুস্থ অঘৰী যুৱকক ৰদ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ এটি সৰুকৈ ঘৰ সাজি আশ্ৰয় গ্ৰহণৰ ব্যৱস্থা কৰি দিছিল দুলীয়াজানৰ মাধপুৰ-নাহৰকটীয়া সংযোগী পথৰ কাষত। যুৱকজনে দীৰ্ঘদিন ধৰি দুলীয়াজান চহৰৰ লগতে মাধপুৰ, পাইপদলং আদি অঞ্চলত অনাই-বনাই ঘূৰি ফুৰিছিল।
এতিয়া 'কাঞ্চা' নামেৰে পৰিচিত যুৱকজনে লাভ কৰিছে নতুন জীৱন। বৃহত্তৰ ম'হমাৰী-মেৰবিলৰ একাংশ যুৱক আৰু অইল অধ্যুষিত অঞ্চল শ্ৰমিক সংস্থা নামৰ সংগঠনৰ যৌথ প্ৰচেষ্টাত পথৰ কাষত এটা বাঁহ–টকৌ পাটেৰে এটা অস্থায়ী ঘৰ সাজি দিয়াৰ লগতে এখন বিছনা, নতুন কাপোৰ, আঠুৱা, কম্বল আদি ব্যৱস্থা কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছিল।
পূৰ্বৰ কাঞ্চা আৰু আজিৰ কাঞ্চা মাজত যেন আকাশ–পাতাল পাৰ্থক্য আছে। কাঞ্চাই কথা কোৱা হৈছে, কাঞ্চাই গীত যোৱা হৈছে। যুৱকজনক পুৱা, দুপৰীয়া আৰু নিশা আহাৰ প্ৰদান কৰাৰ বাবে বিভিন্ন হৃদয়বান লোকে পাল পাতি লৈ খাদ্য যোগানৰ বাবে আগবাঢ়ি আহিছিল।
বিগত এমাহ দিন হৃদয়বান যুৱকসকলে কাঞ্চাক তেজপুৰ মানসিক চিকিৎসালয়ত চিকিৎসা প্ৰদান সম্পূৰ্ণ কৰি শনিবাৰে নিশা দুলীয়াজানত উপস্থিত হয়হি। তাৰ পিছতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত আনন্দৰ পৰিৱেশ। সকলোৱে কাঞ্চাক আদৰিলে, একেলগে গীত গালে আৰু নিশা আহাৰ গ্ৰহণ কৰি কাঞ্চাৰ টিংখাংস্থিত ঘৰখনলৈ নিয়া হয়। বহু লোকে কাঞ্চাক প্ৰদান কৰিলে বহু সা-সামগ্ৰী।
বিগত সাত বছৰ ধৰি ঘৰৰ সৈতে, নিজৰ পৰিয়ালৰ সৈতে কোনো যোগাযোগ নথকা কাঞ্চা নিজ বাসগৃহত উপস্থিত হোৱাৰ পিছতেই এক ভাষাৰে বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰে। অতি দৰিদ্ৰ পৰিয়ালৰ কাঞ্চাৰ ঘৰখন ন-ৰূপত সজাই তোলে দুলীয়াজানৰ হৃদয়বান যুৱকৰ দলটোৱে। আনকি পৰৱৰ্তী সময়ত কাঞ্চাৰ সংস্থাপনৰ বাবে চেষ্টা চলাইছে যুৱকৰ দলটোৱে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|