দুচকুত ৰঙীন সপোন যেতিয়া থাকে, তেতিয়া হয়তো যন্ত্ৰণাবোৰো তুচ্ছ হৈ পৰি ৰয় ক’ৰবাত! হেঁপাহ যেতিয়া থাকে বিষবোৰো নোহোৱা হয় ক’ৰবাত! বুকুত সাহস যেতিয়া থাকে, হাজাৰ বাধাৰ মাজতো মুকলি হয় বাট! তেনে এগৰাকী মহিলাৰ কথাই আপোনালোকক জনাবলৈ লৈছো।
মহিলাগৰাকীৰ নাম ঋত্বিকা বৰুৱা। ঋত্বিকা এতিয়া যেন আনৰ বাবে সাহস আৰু প্ৰেৰণাৰ প্ৰতীকস্বৰূপ। ঋত্বিকাৰ এই কথা জানিলে আপুনিও অনুপ্ৰাণিত হ’ব। যন্ত্ৰণাৰ মাজতো নিজৰ সপোন পূৰণ কৰিবলৈ ঋত্বিকাই দেখুৱালে সাহসিকতাৰ নিদৰ্শন।
দেওবাৰে অনুষ্ঠিত হৈছিল অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা। আন বহু শিক্ষাৰ্থীৰ দৰেই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ঋত্বিকা। কিন্তু আন শিক্ষাৰ্থীৰ দৰে নাছিল ঋত্বিকাৰ স্বাস্থ্য। কাৰণ ঋত্বিকা আছিল ৯ মাহৰ সন্তানসম্ভৱা।
চিকিৎসকে ২৭ মাৰ্চত সন্তান প্ৰৱসৰ সময় দিছিল ঋত্বিকাক। কিন্তু ২৬ মাৰ্চত আছিল লোকসেৱা আয়োগৰ পৰীক্ষা। এনে অৱস্থাত সাধাৰণতে জিৰণিৰ প্ৰয়োজন। কিন্তু ঋত্বিকা যেন ব্যতিক্ৰম। যন্ত্ৰণাবোৰ একাষৰীয়া কৰি দুচকুত অযুত সপোন পুহি ৰখা ঋত্বিকা আহিল পৰীক্ষা দিবলৈ। সুকলমে অৱতীৰ্ণ হ’ল পৰীক্ষাত।
পৰীক্ষাৰ পিছদিনাই ঋত্বিকাৰ বুকুলৈ আহিল এজনী কণমানি পৰী। দ্বিতীয়বাৰৰ বাবে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে ঋত্বিকাই। এটি কণমানি কন্যা সন্তানৰ মাতৃ হ’ল ঋত্বিকা।
এই সমগ্ৰ কথা ঋত্বিকাৰ স্বামীয়ে ছচিয়েল মিডিয়াযোগে সদৰি কৰিছে। সাহসী ঋত্বিকাক ছচিয়েল মিডিয়াযোগে বিভিন্নজনে জনাইছে শুভেচ্ছা, বহুতে ওপচাই পেলাইছে প্ৰশংসাৰে। সঁচাকৈ ঋত্বিকা যেন সাহস আৰু প্ৰেৰণাৰ প্ৰতীক!
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 28, 2023, 11:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।