ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱা ধুমুহাৰ তাণ্ডৱ। ধুমুহাত প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষতিসাধন হোৱাৰ খবৰ আহিছে। ছিপাঝাৰত ধুমুহাৰ ফলত উভালি পৰিল প্ৰকাণ্ড গছ। বন্ধ হৈ পৰিছে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ। ছিপাঝাৰৰ বিজুলীবাৰীত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। যাৰ ফলত বহু যান–বাহন আবদ্ধ হৈ পৰিবলগীয়া হয়।
আনহাতে, ছিপাঝাৰৰ বিভিন্ন গাঁৱতো ধুমুহাই তচনচ কৰিলে ঘৰ–দুৱাৰ। ঠায়ে ঠায়ে উভালি পৰিছে বিদ্যুতৰ খুটা। যাৰ ফলত বহু পৰিয়ালৰ সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 27, 2023, 11:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।