ৰঙিয়াত বৰদৈচিলাৰ তাণ্ডৱ, বন্ধ ৰাজপথ, ব্যাহত বিজুলী যোগান
চতৰ শেষত ৰঙিয়াৰ বিভিন্ন অঞ্চলত বৰদৈচিলাৰ সংহাৰী ৰূপ
চতৰ শেষত ৰঙিয়াৰ বিভিন্ন অঞ্চলত বৰদৈচিলাৰ সংহাৰী ৰূপ
- News18 Assam
- Last Updated: April 4, 2021, 8:23 PM IST
দেওবাৰে সন্ধিয়া ৰঙিয়া নগৰ, উদিয়ানা, তুলসীবাৰীৰ ওপৰৰে এজাক প্ৰৱল বা-মাৰলি পাৰ হৈ যায় । এই প্ৰচণ্ড ধুমুহা বৰষুণত ৰঙিয়াৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হয় । কেইবাটাও ঘৰ ভাঙি পৰে আৰু ঘৰৰ টিন পাত উৰুৱাই লৈ যায় । প্ৰকাণ্ড গছবোৰ উভালি পৰাত ছিগি পৰে বৈদ্যুতিক তাঁৰ, যাৰ ফলত বিজুলী সংযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে ।












