উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশত অসমৰ ৰাজনীতিত ধুমুহা, কি আছে এই নিৰ্দেশনাত?

বিধানসভা নিবাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ সময়তে উচ্চতম ন্যায়লয়ৰ এই নিৰ্দেশে এতিয়া বহুকেইজন ৰাজনৈতিক নেতাৰ টোপনি হৰিছে৷
বিধানসভা নিবাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ সময়তে উচ্চতম ন্যায়লয়ৰ এই নিৰ্দেশে এতিয়া বহুকেইজন ৰাজনৈতিক নেতাৰ টোপনি হৰিছে৷
- News18 Assam
- Last Updated: November 17, 2020, 11:06 AM IST
সাম্প্ৰতিক সময়ত ৰাজ্যৰ ২৪গৰাকী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আছে ৩৩টাকৈ গোচৰ৷ য’ত বহুকেইজন শাসকীয় দলৰ বিধায়কৰো নাম সন্নিৱিষ্ট আছে৷ এইসকল ৰাজনৈতিক নেতাৰ ভিতৰত সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে আছে ৪টা গোচৰ৷ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে ৩টা গোচৰ আছে৷ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ২টা গোচৰ, বিধায়ক কুশল দুৱৰীৰ বিৰুদ্ধে ২টা গোচৰ, বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে ২টা গোচৰ, AIUDFৰ আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে ২টা গোচৰ, তৰুণ গগৈৰ বিৰুদ্ধে এটা গোচৰ, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এটা গোচৰ, হৰেণছিং বেৰ বিৰুদ্ধে এটা গোচৰ, সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ১টা গোচৰ, সাংসদ সুস্মিতা দেৱৰ বিৰুদ্ধে এটা গোচৰ, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে এটা গোচৰ, বিধায়ক এ কে ৰচিদ আলমৰ বিৰুদ্ধে এটা গোচৰ, বিধায়ক দীপক ৰাভাৰ বিৰুদ্ধে এটা গোচৰ, বিধায়ক নৰেণ সোণোৱালৰ বিৰুদ্ধে আছে এটা গোচৰ৷
আনহাতে, কংগ্ৰেছৰ জামালুদ্দিন আহমেদৰ বিৰুদ্ধে এটা, প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ বিৰুদ্ধে এটা, প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে এটা, শ্বাহ আলমৰ বিৰুদ্ধে এটা, আতাউৰ ৰহমান মাজাৰ ভূঞাৰ বিৰুদ্ধে এটা, ৰচুল হক বাহাদুৰৰ বিৰুদ্ধে এটা, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ বিৰুদ্ধে এটা গোচৰ আছে।