• Home
  • »
  • News
  • »
  • assam
  • »
  • পাণবজাৰ থানাত জাপ জাপ ৫০০–২০০০ টকীয়া নোটৰ বাণ্ডিল, কোনে মাটিত পুতি ৰাখিছিল ২০ লাখ টকা?

পাণবজাৰ থানাত জাপ জাপ ৫০০–২০০০ টকীয়া নোটৰ বাণ্ডিল, কোনে মাটিত পুতি ৰাখিছিল ২০ লাখ টকা?

গুৱাহাটীৰ পৰা নাৰায়ণপুৰ পোৱা পৰ্যন্ত নিৰ্মলে খৰছ কৰিছিল লুট কৰা ২০ লাখ টকাৰ ১০ হাজাৰ টকা৷ আৰু বাকী টকাখিনি ঘৰৰ পিছফালে মাটিত পুতি লুকুৱাই থৈছিল।

  • Share this:
২ জুনত পাণবজাৰ আৰক্ষী থানা এলেকাৰ মনোজ আগৰৱালা নামৰ ব্যৱসায়ী এজনৰ ঘৰৰ পৰায়ে বনকৰা ল’ৰাই লুটি নিছিল ২০ লাখ টকা। ঘৰৰ চোফাৰ তলত লুকুৱাই থোৱা ২০ লাখ টকা উধাও হৈছিল ব্যৱসায়ীজনৰ ঘৰত কাম কৰা নিৰ্মল শইকীয়া নামৰ যুৱকজন। ৩ জুনৰ দিনা মনোজ আগৰৱালাই লুটপাতৰ বিষয়ে অৱগত কৰে পাণবজাৰ আৰক্ষীক৷ অভিযোগ পোৱাৰ পিছতে পাণবজাৰ আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত৷

প্ৰাথমিক তদন্তত আৰক্ষীয়ে সন্ধান উলিয়াব পাৰিলে যে ব্যৱসায়ীজনৰ ঘৰত কাম কৰা নিৰ্মল শইকীয়াই লুট কৰিছে ধনখিনি৷ তাৰ পিছতে পাণবজাৰ আৰক্ষীয়ে আৰম্ভ কৰে নিৰ্মল শইকীয়াৰ সন্ধান৷ ফোন ৰেকৰ্ড আৰু চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নিশ্চিত হয় যে নিৰ্মল শইকীয়াই ধনখিনি চুৰি কৰাৰ পিছত পোনে পোনে গৈছিল লখিমপুৰৰ নাৰায়ণপুৰত থকা নিজা বাসগৃহলৈ৷

গুৱাহাটীৰ পৰা নাৰায়ণপুৰ পোৱা পৰ্যন্ত নিৰ্মলে খৰছ কৰিছিল লুট কৰা ২০ লাখ টকাৰ ১০ হাজাৰ টকা৷ আৰু বাকী টকাখিনি ঘৰৰ পিছফালে মাটিত পুতি লুকুৱাই থৈছিল। চোৰাংচোৱাৰ সুত্ৰৰ তথ্যৰ ভিত্তিত পাণবজাৰ আৰক্ষী ৰাওনা হয় লখিমপুৰৰ নাৰায়ণপুৰলৈ৷ তাত গৈ আৰক্ষীৰ দলটোৱে তালাচী চলায় সমগ্ৰ ঘৰত৷ কিন্তু উদ্ধাৰ কৰিব পৰা নাছিল লুট কৰা ধনখিনি৷ বহু সময় নিৰ্মল আৰু তেওঁৰ পত্নীক জেৰাৰ পিছত স্বীকাৰ কৰে ধনখিনি লুট কৰি আনি পুতি থোৱাৰ কথা৷ ঘৰৰ পিছফালে মাটি খান্দি  পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ১৯ লাখ ৯০ হাজাৰ টকা৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি