উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ নলবাৰীত উদ্ধাৰ, নতুন মূৰ্তি প্ৰতিষ্ঠাৰ দিনাই আৰক্ষীৰ সফলতা

আৰক্ষীৰ জালত কুখ্যাত চোৰ চান হুছেইন, আদিল আলী, ৰাহুল আলী আৰু মিন্টু ৰায় ।

news18assam
Updated:May 1, 2019, 4:55 PM IST
উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ নলবাৰীত উদ্ধাৰ, নতুন মূৰ্তি প্ৰতিষ্ঠাৰ দিনাই আৰক্ষীৰ সফলতা
উদ্ধাৰ হোৱা বিগ্ৰহ
news18assam
Updated: May 1, 2019, 4:55 PM IST
গুৱাহাটীৰ উগ্ৰ তাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ গোলাঘাট আৰক্ষীৰ । বিগ্ৰহ উদ্ধাৰ কৰাৰ লগতে বিগ্ৰহ চুৰি কৰাৰ অভিযোগত চাৰিটা চোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নলবাৰীৰ পৰা চুৰি বিগ্ৰহ উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে চাৰি কুখ্যাত চোৰক। কুখ্যাত চোৰ কেইটা হৈছে নলবাৰী জিলাৰ বাটচৰৰ চান হুচেইন , টিহুৰ আদিল আলী , মকালমোৱাৰ ৰাহুল আলী আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায় । নিশাই চাৰিওকে গ্ৰেপ্তাৰ কৰি গোলাঘাটলৈ লৈ অনা হয় । উগ্ৰতাৰা মন্দিৰৰ মূল পূজাৰীয়ে গোলাঘাটত উপস্থিত হৈ বিগ্ৰহ চিনাক্ত কৰাৰ পিছতে তেওঁৰ হাতত গতাই দিয়া হ’ব বিগ্ৰহ । দিনৰ দহ বজাত গোলাঘাটত পূজাৰী সহ মন্দিৰৰ এটা দল উপস্থিত হব । যোৱা ১৬ নৱেম্বৰত মন্দিৰৰ পৰা চুৰি হৈছিল বিগ্ৰহ । পাঁচ মাহ ১৬ দিনৰ পাছত উদ্ধাৰ কৰা হৈছে উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ । উল্লেখ্য যে APSC ৰ পাছত সুৰজিৎ সিং পানেশ্বৰৰ এইয়া আন এক বৃহৎ সফলতা । কলকাতাত নিৰ্মাণ কৰা মূৰ্তি প্ৰতিষ্ঠাৰ দিনাই চুৰি হোৱা মূৰ্তিটো উদ্ধাৰ কৰা হয়।

চাওক এই ভিডিঅ’ :

আৰু চাওক পৰৱৰ্তী বাতৰি