APSCত আকৌ বিসংগতি! কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:57 PM IST
APSCত আকৌ বিসংগতি! কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ
Source-Google

ADOৰ ফলাফলত ব্যাপক খেলিমেলিৰ অভিযোগ।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:57 PM IST
  • Share this:
আকৌ অসম লোকসেৱা আয়োগৰ বিৰুদ্ধে ব্যাপক বিসংগতিৰ অভিযোগ। ৩০ জানুৱাৰীত আয়োগে ঘোষণা কৰা কৃষি উন্নয়ন বিষয়া চমুকৈ, ADOৰ ফলাফলত ব্যাপক খেলিমেলিৰ অভিযোগ। APSCএ প্ৰকাশ কৰা তালিকাত বাচনি কৰা হৈছিল ১১৫ গৰাকী প্ৰাৰ্থী ৷ কিন্তু ফলাফলত সন্তুষ্ট নাছিল একাংশ বঞ্চিত প্ৰাৰ্থী। অভিযোগ অনুসৰি অভিজ্ঞ প্ৰাৰ্থীক নম্বৰ নিদি লোকসেৱা আয়োগে নীতি বৰ্হিভূত ভাবে ঘোষণা কৰিছিল ফলাফল।

ঘোষণা কৰা ফলাফলত সন্দেহ প্ৰকাশ কৰি  মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত বঞ্চিত একাংশ প্ৰাৰ্থীয়ে দাখিল কৰিছিল আবেদন ৷ এই আবেদনৰ ভিত্তিত বুধবাৰে উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে শুনানী ৷

অভিযোগ দাখিলকাৰী প্ৰাৰ্থীৰ যুক্তি, ADO বাচনি প্ৰক্ৰিয়াত ২০১০ৰ নীতি কাৰ্য্যকৰী কৰা নাই অসম লোকসেৱা আয়োগে ৷ ২০০৯ৰ নীতিৰ আধাৰত প্ৰকাশ কৰিছে ফলাফল ৷ গতিকে আয়োগৰ এই বাচনি প্ৰক্ৰিয়া শুদ্ধ নহয় ৷

স্বচ্ছ, নিকাৰ পৰিৱৰ্তে নিজ পচন্দৰ প্ৰাৰ্থী বাচনি কৰাৰো গুৰুতৰ অভিযোগ APSCৰ বিৰুদ্ধে ৷ আবেদন দাখিল কাৰী প্ৰাৰ্থীৰ যুক্তিৰ ভিত্তিত এতিয়া ADO নিযুক্তিত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ লগতে আদালতৰ অনুমতি অবিহনে কৃষি বিভাগে নিযুক্তি দিব নোৱাৰিব বুলিও নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে, বহু প্ৰাৰ্থীৰ অভিযোগ যে, নিশাটোৰ ভিতৰতে তালিকা সলনি কৰি পুৱাৰ ভাগলৈ ঘোষণা কৰা হৈছিল ফলাফল।

ইফালে জলসিঞ্চন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াতো ব্যাপক অনিয়ম হৈছে বুলি বিভিন্ন মহলত আলোচনা হৈছে। আচলতে এনেদৰে চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম সংঘটিত কৰি , দুৰ্নীতিৰ ক্ষেত্ৰত ‘শূণ্য সহনশীল’ বুলি দাবী কৰা সোণোৱাল চৰকাৰে আচলতে কি প্ৰতিপন্ন কৰিব বিচাৰিছে বুলি ক্ষোভ ৰাজ্যৰ লাখ লাখ নিৱনুৱাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি