উল্লেখ্য যে, সুধাকণ্ঠ ড ভূপেন হাজৰিকাৰ পিছতে জীৱনকালত এগৰাকী বৰেণ্য ব্যক্তি, সু সাহিত্যিক, অধ্যাপক নগেন শইকীয়াৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে। বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহই প্ৰায় ১১ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰে। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে ড০ নগেন শইকীয়াই প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। তেখেতৰ পৰিয়ালৰহৈ সহধৰ্মিনী লাৱণ্য শইকীয়া উপস্থিত থাকি নিজৰ স্বামীৰ প্ৰতিমূৰ্তি দেখি অভিভূত হৈ পৰে।
উল্লেখযোগ্য যে, ১৯৩৯ চনত জন্মগ্ৰহণ কৰা এইগৰাকী বৰেণ্য ব্যক্তিয়ে ছাত্ৰ অৱস্থাৰ পৰাই অসমীয়া ভাষা সাহিত্যলৈ বিভিন্ন গল্প, অনুবাদ গ্ৰন্থ, গৱেষণামূলক গ্ৰন্থ,ৰচনাৰে অমূল্য অৱদান আগবঢ়াই আহিছে। অসমীয়া মানুহৰ ইতিহাস, উনবিংশ শতিকাত অসমীয়া ভাষাৰ সংকট, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা, গৱেষণা পদ্ধতি পৰিচয়, তুলনামূলক সাহিত্য বিচাৰ আদি তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ।
গল্পপুথি - কুবেৰ হাতীবৰুৱা, ছবি আৰু ফ্ৰেম, বন্ধ কোঠাত ধুমুহা, মাটিৰ চাকি, অস্তিত্ব শিকলি, আন্ধাৰত নিজৰ মুখ।
আধুনিক অসমীয়া সাহিত্যৰ অভিলেখ, চন্দ্ৰধৰ বৰুৱা ৰচনাৱলী লগতে মিতভাষৰ দৰে এক নতুন ৰচনা শৈলী সৃষ্টিৰে অসমীয়া ভাষা সাহিত্যলৈ অনবৈদ্য অৱদান আগবঢ়াইছে নগেন শইকীয়াই।