ৰাজ্যৰ এগৰাকী বামপন্থী চিন্তাবিদ তথা লেখক বিজনলাল চৌধুৰীৰ মৃত্যু ৷ দীৰ্ঘদিন অসুস্থ হৈ থকা বিজনলাল চৌধুৰী পূৰ্বে ক'ভিডত আক্ৰান্ত হৈছিল ৷ আজি মঙলবাৰে ক'ভিডোত্তৰ অসুস্থতাত ভুগি ৮২ বছৰ বয়সত বৰপেটা মেডিকেল কলেজ হাস্পতালত তেওঁ মৃত্যুবৰণ কৰে ৷
বিশিষ্ট কবি প্ৰসন্নলাল চৌধুৰীৰ (Prasannalal Choudhury) পুত্ৰ বিজনলাল চৌধুৰীৰ জন্ম হৈছিল ১৯৪০ চনৰ ২৬ আগষ্টত ডিব্ৰুগড়ৰ আমোলাপট্টিত।
অসমৰ বামপন্থী আন্দোলনৰ সৈতে আৰম্ভণিৰে পৰা জড়িত আছিল বিজনলাল চৌধুৰী (Bijanlal Choudhury) ৷ জৰুৰীকালীন অৱস্থাৰ সময়ত তেওঁ ১৯ মাহ কাৰাগাৰত কাৰাবন্দী হৈ থাকিবলগীয়া হৈছিল ৷ ৰাজ্যত ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীক (CPIM) নেতৃত্ব প্ৰদান কৰা বিজনলাল চৌধুৰী আছিল দলটোৰ অন্যতম নেতা আছিল ৷ তেওঁ ভাৰতীয় গণনাট্য সংঘৰ (IPTA) সৈতে দীৰ্ঘকাল জড়িত হৈ আছিল ৷
আনহাতে নতুন সাহিত্য পৰিষদৰ সৈতেও বিশেষভাৱে জড়িত আছিল বামপন্থী চিন্তাবিদগৰাকী (leftist thinker) ৷ জীৱনকালত কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰা চৌধুৰী নতুন পৃথিৱী আলোচনীৰ সম্পাদনাৰ লগতে চাবুক আৰু সুৰুযমুখী নামৰ দুখন সাহিত্য বিষয়ক আলোচনী প্ৰকাশ কৰিছিল ৷
সাপ্তাহিক নীলাচলৰ যোগেদি সংবাদ জগতত প্ৰৱেশ কৰি নতুন দৈনিক কাকতত বৰপেটাৰ সংবাদদাতা হিচাপে সেৱা আগবঢ়াইছিল ৷ আজীৱন বামপন্থী চিন্তাধাৰাৰে পৰিচালিত বিজনলাল চৌধুৰীৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে ৷
বৰপেটাৰ এম চি কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক বিজনলাল চৌধুৰীৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ পৰিছে ৷ বিজনলাল চৌধুৰীৰ মৃত্যুত সৰভোগৰ চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে গভীৰ শোক প্ৰকাশ কৰিছে ৷ একেদৰে চিপিআইএমৰ বৰপেটা জিলা সমিতিয়েও শোকপ্ৰকাশ কৰিছে ৷ বিজনলাল চৌধুৰীৰ মৃত্যুত বৰপেটা সত্ৰৰ (Barpeta Satra) বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা, সুন্দৰীদিয়া সত্ৰৰ সত্ৰীয়া জগন্নাথ অধিকাৰীয়েও শোকপ্ৰকাশ কৰে। আনহাতে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, বৰপেটা জিলা ছাত্ৰ সন্থা, বৰপেটা জিলা বিজেপি, অসম গণ পৰিষদৰ বৰপেটা নগৰ মণ্ডল, অসম জাতীয় পৰিষদৰ গোবিন্দ গায়নকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|