
paresh baruah, file image
পৰেশ বৰুৱাক শান্তি আলোচনাৰ নামত আলোচনা নকৰি আলফা সৃষ্টিৰ মূল বিষয়সমুহ সমাধানৰ আহ্বান সাংসদ শৰণীয়াৰ।
পৰেশ বৰুৱাই চৰকাৰৰ সৈতে ফলপ্ৰসূ আলোচনা কৰাৰ আহ্বান কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷ একালৰ সতীৰ্থ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰে আলোচনাৰ পৰিৱেশ ৰচনা হোৱা কাৰ্যক আদৰণি জনাই সাংসদ শৰণীয়াই কয় যে পৰেশ বৰুৱা মহাশয়ে আলোচনাৰ নামত আলোচনা কৰা উচিত নহ’ব ৷ পৰেশ বৰুৱাক শান্তি আলোচনাৰ নামত আলোচনা নকৰি আলফা সৃষ্টিৰ মূল বিষয়সমুহ সমাধানৰ আহ্বান সাংসদ শৰণীয়াৰ।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আলোচনাৰ জৰিয়তে আলফা জন্মৰ আঁৰত নিহিত 'আমাৰ মাটি , আমাৰ সম্পদ , আমাৰ অধিকাৰ' আদি বিষয়সমুহ সূ মীমাংসা কৰা উচিত হ’ব । এই ক্ষেত্ৰত কেৱল সাংসদ হিচাপে নহয় বিটিআৰ তথা অসমৰ জনসাধাৰণ হিচাপে সদায় শুভ কামনা থাকিব ৷ বিজনীত উপস্থিত হৈ সাংসদজনে পৰেশ বৰুৱাই গ্ৰহণ কৰা শেহতীয়া উদ্যোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ ইফালে , তৃণমূল কংগ্ৰেছৰ সৈতে সাংসদ শৰণীয়াৰ এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক থকাৰ লগতে কেইবাবাৰো বৈঠক অনুষ্ঠিত হৈছে যদিও বৰ্তমানলৈ দলত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি তেওঁ জানিবলৈ দিয়ে ৷ ইফালে , আগন্তুক বিধানসভাৰ উপ নিৰ্বাচনত কোনো দলৰে মিত্ৰতা নাই বাবে বিটিআৰৰ আটাইকেইটা সমষ্টিতে জিএছপিয়ে প্ৰাৰ্থী দিব বুলি সাংসদজনে জানিবলৈ দিয়ে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|