প্ৰচণ্ড গৰম,জীৱ-জন্তুৰ বাবে ৰাজ্যিক চিৰিয়াখানাৰ বিশেষ ব্যৱস্থা!

জীৱ জন্তুক প্ৰচণ্ড গৰমৰ পৰা কিছু সকাহ দিবলৈ চিৰিয়াখানা কৰ্তৃপক্ষই হাতত লৈছে বিশেষ উদ্যোগ

News18-Assam
Updated:August 12, 2019, 9:44 PM IST
প্ৰচণ্ড গৰম,জীৱ-জন্তুৰ বাবে ৰাজ্যিক চিৰিয়াখানাৰ বিশেষ ব্যৱস্থা!
জীৱ জন্তুক প্ৰচণ্ড গৰমৰ পৰা কিছু সকাহ দিবলৈ চিৰিয়াখানা কৰ্তৃপক্ষই হাতত লৈছে বিশেষ উদ্যোগ
News18-Assam
Updated: August 12, 2019, 9:44 PM IST
হীৰক জ্যোতি মালাকাৰ:দৈনিক বৃদ্ধি হোৱা উষ্ণতাৰ ফলত অতিষ্ঠ হ’বলগীয়া হৈছে জনসাধাৰণ। সোমবাৰে মহানগৰীত গৰমে অতিক্ৰম কৰিলে ৩৮ ডিগ্ৰী চেলচিয়াছৰ পাৰাস্তম্ভ।গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কোনোৱে যদি সেৱন কৰিছে শীতল পানীয়, আন কোনোৱে আশ্ৰয় লৈছে গছৰ তলত অথবা শীত–তাপ নিয়ন্ত্ৰিত কক্ষত।

মানুহৰ সমান্তৰালকৈ উৎকট গৰমত জীয়াতু ভূগিবলগীয়া হৈছে জীৱ–জন্তুৱেও । জীৱ জন্তুক  প্ৰচণ্ড গৰমৰ পৰা কিছু সকাহ দিবলৈ অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই হাতত লৈছে বিশেষ উদ্যোগ। গৰমৰ সময়ছোৱাত বাঘে আশ্ৰয় লোৱাৰ বাবে এইবাৰ চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰস্তুত কৰি উলিয়াইছে বিশেষ ঘৰ। ঠাণ্ডা অনুভৱ কৰিবৰ বাবে প্ৰস্তুত কৰা হৈছে বাথ টাব।গৰমৰ দিনত ছয়টা বাঘক দৈনিক তিনিবাৰকৈ পানী দিয়াৰ ব্যৱস্থা কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।



বাঘৰ বাবে বিশেষ চাংঘৰৰো ব্যৱস্থা কৰা হৈছে। তাৰোপৰি গৰমৰ পৰা ৰক্ষা পাবৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাই ভালুকৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে শ্বাৱাৰ ট্ৰাংক।দৈনিক দুবাৰকৈ চাৰিটা ভালুকক শ্বাৱাৰৰ সহায়ত গা ধোৱাৰ ব্যৱস্থা কৰিছে ৰাজ্যিক চিৰিয়খানাৰ কৰ্মচাৰীসকলে। ঠিক একেদৰে গৰমৰ দিন কেইটাত গঁড়, হৰিণা আদিৰ বাবেও বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে। এই কাম সমূহৰ লগত জড়িত হৈ আছে চিৰিয়াখানাৰ ৩০ জনৰো অধিক কৰ্মচাৰী।
আৰু চাওক পৰৱৰ্তী বাতৰি