• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Pradesh Youth Congress : প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰাৰ দলত্যাগ, শীঘ্ৰেই যোগদানৰ সম্ভাৱনা এই দলত

Assam Pradesh Youth Congress : প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰাৰ দলত্যাগ, শীঘ্ৰেই যোগদানৰ সম্ভাৱনা এই দলত

কংগ্ৰেছ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি দলত্যাগ বৰাৰ

কংগ্ৰেছ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি দলত্যাগ বৰাৰ

কংগ্ৰেছ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি দলত্যাগ বৰাৰ

  • Share this:
প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে পদত্যাগৰ ধাৰা। নেতৃত্বৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি পুনৰ দলত্যাগ কৰিলে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰাই। উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ অতিশয় ঘনিষ্ঠ হিচাপে পৰিচিত অভিজিৎ বৰা পূৰ্বে নগাঁও লোকসভা যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বতো আছিল।

বিগত সময়ছোৱাত প্ৰদেশ যুৱ কংগ্ৰেছৰ (Assam Pradesh Youth Congress) সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰা অভিজিৎ বৰাই ২০২১ চনৰ বিধান সভা নিৰ্বাচনত বটদ্ৰৱাৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীও আছিল। পিছে হঠাৎ প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰে বৰাই। অভিজিৎ বৰাৰ পদত্যাগে এক বিশেষ তাৎপৰ্য্য বহন কৰিছে।

কংগ্ৰেছৰে এক ভিতৰুৱা সূত্ৰৰ মতে শীঘ্ৰেই অসম গণ পৰিষদ দলত যোগদান কৰিব  অভিজিৎ বৰাই। অৱশ্যে বৰাই এই সংক্ৰান্তত সংবাদ মাধ্যমত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি