NEWS18ৰ বাতৰিৰ প্ৰভাৱত ই-ৰিক্সাক লৈ জাৰি কৰা নিৰ্দেশ উঠাই ল'লে শক্তি বিভাগে।নিজৰ ঘৰত থকা ই-ৰিক্সা চাৰ্জ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছিল বিদুৎ বিভাগে।ই-ৰিক্সা চাৰ্জ কৰিবলৈ লাগিব অতিৰিক্ত বিদ্যু সংযোগ।এই সন্দৰ্ভত ৰহাৰ বিদ্যু উপ সংমণ্ডলৰ তৰফৰ পৰা এখন গোহাৰি পত্ৰও বিতৰণ কৰা হৈছিল।
এই গোহাৰি পত্ৰখন লাভৰ পিছত ই-ৰিক্সা চালকসকলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।উক্ত বিষয় সন্দৰ্ভত নিউজ ১৮ অসমৰ ডিজিটেলত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰা হৈছিল।
ই-ৰিক্সা সম্পৰ্কত ধাৰাবাহিক বাতৰি পিছতেই ই-ৰিক্সা চাৰ্জ সন্দৰ্ভত দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিছে শক্তি বিভাগে।শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাই ই-ৰিক্সা চাৰ্জ সম্পৰ্কত শক্তি বিভাগে দিয়া নিৰ্দেশনাক ভুল বুজাবুজি বুলি প্ৰকাশ কৰে। আনহাতে ৰহা বিদ্যুৎ সংমণ্ডলক ই-ৰিক্সা সম্পৰ্কত আগবঢ়োৱা জাননী নাকচ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে শক্তি বিভাগে।
Published by: Gautam Barman
FIRST PUBLISHED : August 25, 2022, 22:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|