• Home
  • »
  • News
  • »
  • assam
  • »
  • দিল্লীলৈ যাব নালাগে অসম, এতিয়া দিল্লী নিজেই কাষ চাপি আহিছে অসমৰঃ এছ পি সিং বাঘেল 

দিল্লীলৈ যাব নালাগে অসম, এতিয়া দিল্লী নিজেই কাষ চাপি আহিছে অসমৰঃ এছ পি সিং বাঘেল 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে অসম তথা উত্তৰ পূবলৈ সোঁত কেন্দ্ৰীয় মন্ত্ৰীৰ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে অসম তথা উত্তৰ পূবলৈ সোঁত কেন্দ্ৰীয় মন্ত্ৰীৰ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে অসম তথা উত্তৰ পূবলৈ সোঁত কেন্দ্ৰীয় মন্ত্ৰীৰ 

  • Share this:
শেহতীয়াকৈ অসম তথা উত্তৰ পূবলৈ আহিছে ইজনৰ পিছত সিজন কেন্দ্ৰীয় মন্ত্ৰী ৷ সোমবাৰে অসমলৈ আহিল কেন্দ্ৰীয় ৰাজ্যিক আইন মন্ত্ৰী এছ পি সিং বাঘেল ৷ উদ্দেশ্য এটাই অসম তথা উত্তৰ পূবৰ ৰাইজে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহ প্ৰকৃততে পাইছেনে নাই তাৰ চৰজমিন তথ্য সংগ্ৰহ ৷

"আমাৰ প্ৰত্যেক গৰাকী মন্ত্ৰীকে সেয়া কেবিনেটেই হওক বা ৰাজ্যিকেই হওক অসম তথা উত্তৰ পূব, লাডাখ আৰু জম্মু-কাশ্মীৰলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীয়ে ৷ উত্তৰ পূবৰ সাত ৰাজ্যক প্ৰধানমন্ত্ৰী তথা আমাৰ চৰকাৰখনে নিজৰ ভনীৰ দৰে মানি যি মৰম আৰু মৰ্যাদাৰ প্ৰয়োজন সেইখিনি দি আহিছে ৷ অসম তথা উত্তৰ পূবৰ ৰাইজে পাবলগীয়াখিনি পাইছেনে নাই তাৰ তথ্য সকলো মন্ত্ৰীকে দিবলৈ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীয়ে ৷ সকলো মন্ত্ৰীকে নূন্যতম এৰাতিকৈ হ'লেও উত্তৰ-পূব,জম্মু-কাশ্মীৰ আৰু লাডাখত থাকি তথ্য সংগ্ৰহ কৰিবলৈ দিছে ৷ বিশেষকৈ উজ্বলা আঁচনি, PMAY আঁচনি আদি তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ দিছে ৷ মই আজি আহি সকলোকে নিৰ্ভয়ে কথাবোৰ ক'বলৈ কৈছো ৷ দিল্লী এতিয়া দূৰ নহয় ৷ দিল্লীলৈ কিবা বিচাৰি যাব নালাগে খোদ দিল্লীখনেই অসমলৈ আহি গৈছে ৷"— এছ পি সিং বাঘেল

কেন্দ্ৰীয় ৰাজ্যিক আইন মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,"অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাবে বৰ্তমান অসমৰ আইন-শৃংখলা পৰিস্থিতি সুস্থিৰ ৷ নাৰী নিৰ্যাতন হ্ৰাস কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলি আছে সমগ্ৰ ভাৰততে ৷ পস্কো আইনখনক যথেষ্ট গুৰুত্ব দিয়া হৈছে ৷ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে গোচৰবোৰ মীমাংসা কৰাৰ প্ৰক্ৰিয়া চলি আছে ৷ নাৰী নিৰ্যাতন ৰোধৰ বাবে বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহক অধিক গুৰুত্ব দিয়া হৈছে ৷"—সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহি সংবাদ মাধ্যমৰ সন্মুখত এইদৰেই নিজৰ মন্তব্য ৰাখিলে কেন্দ্ৰীয় মন্ত্ৰী এছ পি সিং বাঘেলে ৷
Published by:Himangshu Bhuyan
First published: