গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰদ্যুৎ কুমাৰ চৌধুৰীৰ অধ্যক্ষতাত ৰাজ্যিক পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণকাৰী সমিতি গঠন 

News18 Assam | News18-Assam
Updated:June 27, 2020, 7:08 PM IST
গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰদ্যুৎ কুমাৰ চৌধুৰীৰ অধ্যক্ষতাত ৰাজ্যিক পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণকাৰী সমিতি গঠন 
কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এক নিৰ্দেশনাযোগে ৰাজ্যিক পৰ্যায়ৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰাধিকৰণ, অসমৰ এখন কমিটী পুনৰ গঠন কৰি দিছে ৷

কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এক নিৰ্দেশনাযোগে ৰাজ্যিক পৰ্যায়ৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰাধিকৰণ, অসমৰ এখন কমিটী পুনৰ গঠন কৰি দিছে ৷

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এক নিৰ্দেশনাযোগে ৰাজ্যিক পৰ্যায়ৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰাধিকৰণ, অসমৰ এখন কমিটী পুনৰ গঠন কৰি দিছে ৷ ১৯৮৬ চনৰ পৰিৱেশ সংৰক্ষণ আইন অনুযায়ী গঠন কৰা এই কমিটীখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰদ্যুৎ কুমাৰ চৌধুৰীক ৷

গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা চৌধুৰীয়ে অধ্যক্ষতা কৰিবলগীয়া এই কমিটীখনত সদস্য হিচাপে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ডঃ হৰি প্ৰসাদ শৰ্মা আৰু ৰাজ্যিক বন বিভাগৰ সচিব ৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত উল্লেখ থকা মতে, এই কমিটীখনৰ কাৰ্যকাল হৈছে ৩ বছৰ ৷

আনহাতে এই কমিটীখনক সহযোগ কৰিবৰ বাবে ৯ জনীয়া সদস্যৰে গঠিত এখন ৰাজ্যস্তৰীয় বিশেষজ্ঞ মূল্যাংকন কমিটীও গঠন কৰা হৈছে৷ এই কমিটীখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে অৱসৰপ্ৰাপ্ত ভাৰতীয় বন বিষয়া স্বপন কুমাৰ শীল শৰ্মাক ৷

মূলতঃ ৰাজ্যখনৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ যাতে প্ৰয়োজনীয়  ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাৰ বাবে এই বিশেষ প্ৰাধিকৰণ গঠন কৰা হৈছে ৷ প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সদস্যসকলে চৰকাৰী নিয়ম অনুযায়ী পৰিৱেশ সংৰক্ষণ তথা পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণৰ হকে কাম কৰি যোৱাৰ কথাও কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাটোত উল্লেখ আছে ৷

কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাত অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ধন্যবাদ জ্ঞাপন কৰিছে আৰু নৱ গঠিত কমিটী খনক অভিনন্দন জ্ঞাপন কৰিছে।
First published: June 27, 2020, 7:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading