உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ''AIUDF দলটো অসম আৰু সংখ্যালঘুৰ বাবে দুৰ্ভাগ্য'' আজমলক তুলাধূনা ৰাজ্যিক জমিয়তৰ সভাপতিৰ

    ''AIUDF দলটো অসম আৰু সংখ্যালঘুৰ বাবে দুৰ্ভাগ্য'' আজমলক তুলাধূনা ৰাজ্যিক জমিয়তৰ সভাপতিৰ

    মোস্তাক আনফৰে আজি  ছিপাঝাৰ কাণ্ডক লৈ এখন সংবাদমেল পাতি আক্ৰমণ কৰিলে বদৰুদ্দিন আজমলক।

    মোস্তাক আনফৰে আজি ছিপাঝাৰ কাণ্ডক লৈ এখন সংবাদমেল পাতি আক্ৰমণ কৰিলে বদৰুদ্দিন আজমলক।

    মোস্তাক আনফৰে আজি ছিপাঝাৰ কাণ্ডক লৈ এখন সংবাদমেল পাতি আক্ৰমণ কৰিলে বদৰুদ্দিন আজমলক।

    • Share this:

    হোজাইৰ গোপাল নগৰস্থিত বাসগৃহত  আৰ্ছাদ মাদানী গোটৰ ৰাজ্যিক জমিয়তৰ সভাপতি মোস্তাক আনফৰে আজি এখন সংবাদমেল পাতি আক্ৰমণ কৰিলে বদৰুদ্দিন আজমলক।


    আনফৰে সংবাদমেলত কয়– 'মই ২০০৬ চনৰ পৰাই AIUDFৰ বিৰোধিতা কৰোঁ। জমিয়তে ৰাজনীতি নকৰে, কিন্তু আজমলে ৰাজনীতি আৰু জমিয়ত একেলগে কৰাটো দুৰ্ভাগ্য।গতিকে আমি তেওঁৰ লগত নাই। AIUDFয়ে  একো লাভ দিয়া নাই মুছলিম ৰাইজক।তেওঁলোকে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। অসমত মুছলিম ৰাজনীতি AIUDFয়ে আৰম্ভ কৰিছে।''  তেওঁ এনেস্থলত AIUDF দলটো অসম আৰু সংখ্যালঘুৰ বাবে দুৰ্ভাগ্য বুলিও  মন্তব্য কৰে।


    উল্লেখ্য যে ছিপাঝাৰ কাণ্ডক লৈ আয়োজন কৰা সংবাদমেলত আনফৰে আৰু কয় যে সংখ্যালঘু দৰদী বুলি কোৱা আজমলে হোজাইৰ পাবিজুৰিত থকা তেওঁৰ চৰকাৰী ভূমিত উচ্ছেদিতসকলক বহুৱাওক।


    ইফালে আনফৰ গোট জমিয়তৰ এটা সঁজাতী দল কাইলৈ ছিপাঝাৰলৈ যাব আৰু নিহত মইনুল হকৰ পৰিয়ালক ১ লাখ আৰু আনজন নিহতৰ পৰিয়ালকো ৫০ হাজাৰ টকা  দিব বুলি মন্তব্য কৰে।


    ইয়াৰ উপৰি নিহত মইনুল হকৰ তিনি সন্তানৰ শিক্ষাৰ দায়িত্ব জমিয়তে ল'ব মন্তব্য কৰিছে। আনহাতে উচ্ছেদিতৰ পৰা ধন সংগ্ৰহ কৰাটো বেয়া বুলিও কৰে মন্তব্য। লগতে চৰকাৰী ভূমিত থকা লোকৰ পক্ষত জমিয়ত নাই বুলিও কৰে স্পষ্ট মন্তব্য। ইফালে যোৱানিশা গুৱাহাটীত আনফৰ জমিয়তে মুখ্যমন্ত্ৰীক লগ ধৰি ছিপাঝাৰ কাণ্ডক লৈ কেইদফীয়া দাবীসম্বলিত স্মাৰক–পত্ৰ প্ৰদান কৰাৰ কথাও সদৰী কৰে মোস্তাক আনফৰে।


    আনহাতে আগন্তুক  দিনত মোস্তাক আনফৰক ৰাজনীতিৰ পথাৰত দেখিবলৈ পোৱা যাব নেকি বুলি সাংবাদিকে সোধাত তেওঁ কোনোদিনে ৰাজনীতিত নাহে বুলি উল্লেখ কৰে।

    Published by:Gautam Barman
    First published: