ভাৰতীয় ডাক টিকটত মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি
ভাৰতীয় ডাক টিকটত মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি
মৰিগাঁও জিলাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে স্বাস্থ্য বিভাগৰ অধীনস্থ বঘৰা ৰাজ্যিক চিকিৎসালয়খনে । ভাৰতীয় ডাক টিকটত স্থান লাভ কৰিছে চিকিৎসালয়খনৰ ছবিয়ে ৷
১৯৩৮ চনতেই স্থাপন হোৱা মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়খনৰ (Baghara State Dispensery (Hospital) ছবি শেহতীয়াকৈ সন্নিৱিষ্ট হৈছে ভাৰতীয় ডাক টিকটত । চিকিৎসক ডাঃ অমৰজ্যোতি ডেকাৰ পদক্ষেপ আৰু প্ৰচেষ্টাত এই সন্মান লাভ কৰিছে চিকিৎসালয়খনে।
যুৱ চিকিৎসক অমৰজ্যোতি ডেকাই জহিখহি যোৱা চিকিৎসালয়খনক চকুত লগাকৈ সজাই পৰাই তুলিছে নিজৰ ঘৰৰ দৰে। জিলাখনৰ এখন অন্যতম চিকিৎসালয় বঘৰা ৰাজ্যিক চিকিৎসালয়লৈ অহা প্ৰতিজন ৰোগী আৰু স্থানীয় ৰাইজৰ সৈতে ডাঃ অমৰজ্যোতি ডেকাই গঢ়ি তুলিছে আত্মিক সম্পৰ্ক ।
৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশে পালন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱত প্ৰাথমিক স্বাস্থ্য সেৱা আগবঢ়াই অহা চিকিৎসালয়খন কেনেকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ মানচিত্ৰত জিলিকাব পাৰি তাক লৈ চিকিৎসক অমৰজ্যোতি ডেকাই কৰা চিন্তাচৰ্চাৰ ফচল এয়া।
দিনৰাতি একাকাৰ কৰি চিকিৎসা সেৱা আগবঢ়াই যোৱা এইগৰাকী ডাঃ অমৰজ্যোতি ডেকাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে বিশেষ পাৰদৰ্শিতা বঁটা প্ৰদান কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
উল্লেখ্য যে স্বাস্থ্য বিভাগৰ কায়কল্প বঁটা আজুৰি আনিবলৈ সক্ষম হোৱা বঘৰা ৰাজ্যিক চিকিৎসালয়খন এতিয়া স্বাস্থ্য বিভাগৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ ৷ ৮৪ বছৰীয়া চিকিৎসালয়খনৰ এই সংবাদে সাধাৰণতে উৎফুল্লিত কৰি তুলিছে মৰিগাঁওবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীক ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|