মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজপথত আনন্দ-উল্লাস, উলিয়ালে ৰেলী, ফিটেনছৰ দৈনিক জৰিমনা কমাই দিয়াত এই আনন্দ

ৰাজপথত আনন্দ-উল্লাস, উলিয়ালে ৰেলী, ফিটেনছৰ দৈনিক জৰিমনা কমাই দিয়াত এই আনন্দ

তিনি মাহৰ বাবে হ্ৰাস কৰিলে ফিটনেছৰ দৈনিক জৰিমনা।

তিনি মাহৰ বাবে হ্ৰাস কৰিলে ফিটনেছৰ দৈনিক জৰিমনা।

তিনি মাহৰ বাবে হ্ৰাস কৰিলে ফিটনেছৰ দৈনিক জৰিমনা।

  • Share this:
পৰিবহণ খণ্ডৰ বৃহৎ সকাহ।মুখ্যমন্ত্ৰীক দিলে ধন্যবাদ। ৰাজপথত আনন্দ-উল্লাস। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উলিয়ালে অটো ৰেলী। মুখ্যমন্ত্ৰীয়ে পৰিবহণ বিভাগৰ  fitness ৰ দৈনিক জৰিমনা হ্ৰাস কৰাক লৈ এই আনন্দ-উল্লাহ।

অটো বাহনৰ পূৰ্বৰ দৈনিক জৰিমনা ৫০ টকাৰ পৰিৱৰ্তে এতিয়াৰ নিৰিখ ১০ টকা। ট্ৰেক্টৰৰ পূৰ্বৰ নিৰিখ ৫০ টকাৰ পৰা এতিয়া ১৫ টকা, চাৰিচকীয়া ব্যক্তিগত তথা বাণিজ্যিক বাহনৰ পূৰ্বৰ নিৰিখ ৫০ টকাৰ ঠাইত এতিয়া ২০ টকা। বাণিজ্যিক (commercial vehicles)  গধুৰ বাহনৰ পূৰ্বৰ নিৰিখ ৫০ টকাৰ পৰা এতিয়াৰ নতুন নিৰিখ ২৫ টকা।

প্ৰতিখন বাহনৰ ফিটেনছৰ দৈনিক জৰিমনা সৰ্বাধিক ৪০ টকা পৰ্যন্ত কমাই দিয়াত অটো মালিক তথা চালকসকলে এই আনন্দ-উল্লাস কৰে। মহানগৰীত প্ৰায় ৬০ হাজাৰ চাৰিচকীয়া বাহন আছে, তাৰে প্ৰায় অধিকাংশ বাহনৰ  fitness  fail আছে। গতিকে শীঘ্ৰে কৰ দিবলৈ আহ্বান জনায় কামৰূপ জিলা পৰিবহণ বিভাগৰ বিষয়া  তথা সহাকাৰী আয়ুক্ত  গৌতম দাসে।

মুখ্যমন্ত্ৰীয়ে জনতাৰ বাবে দিয়া  এই সকাহ কাইলৈ শুকুৰবাৰ, ১৫ জুলাইৰ পৰা কাৰ্যকাৰী হ'ব। আগন্তুক তিনি মাহলৈ প্ৰয়োজ্য হ'ব এই নতুন নিৰিখ। চৰকাৰে ৰাজহ সংগ্ৰহ তথা জনতাক সকাহ দিয়াৰ উদ্দেশ্যে এই নতুন নিয়ম প্ৰণয়ন কৰিছে। কোভিড ১৯ৰ এককালীন সকাহ বুলি নামকৰণ কৰিছে এই আঁচনিখনৰ।

শেহতীয়া বাতৰি