অসম চৰকাৰে প্ৰকাশ কৰিছে এক জৰুৰী ঘোষণা। অসমৰ পৰা মিজোৰামলৈ সাম্প্ৰতিক সময়ত ভ্ৰমণ পৰিহাৰ কৰিবলৈ অসমবাসীক আহ্বান জনাইছে চৰকাৰে। অসম-মিজোৰামৰ মাজত সীমা বিবাদক কেন্দ্ৰ কৰি চলি থকা উত্তপ্ত পৰিস্থিতিৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ পৰা জাৰি কৰা এই ঘোষণাত উল্লেখ কৰা হৈছে যে মিজোৰামৰ সমাজ তথা ছাত্ৰ সংগঠনে অসমীয়া লোকৰ বিৰুদ্ধে বিদ্বেষমূলক প্ৰচাৰ আৰম্ভ কৰিছে, লগতে একাংশ সাধাৰণ মিজো লোকে স্বয়ংচালিত অস্ত্ৰ–শস্ত্ৰ লৈ ঘূৰি ফুৰা দেখা গৈছে। এনে অৱস্থাত মিজোৰামলৈ যোৱাটো নিৰাপদ নহয় বুলি ধাৰণা কৰিছে ৰাজ্য চৰকাৰে।
গতিকে মিজোৰাম ভ্ৰমণ বা কোনো ব্যক্তিগত কাৰণতে যাতে অসমীয়া লোক মিজোৰামলৈ নাযায়, তাৰ বাবে আহ্বান জনাইছে চৰকাৰে। ইয়াৰ লগতে মিজোৰামত কৰ্মৰ খাতিৰত থকা অসমীয়া লোকসকলকো সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
উল্লেখ্য, যোৱা ২৬ জুলাইত মিজো আৰক্ষীয়ে গুলীচালনাৰে অসম আৰক্ষীকে ধৰি অসামৰিক লোকক হত্যা কৰাৰ পিছত দেশজুৰি সমালোচনাৰ সন্মুখীন হৈছিল মিজোৰাম। কিন্তু ইয়াৰ পিছতো অসমৰ প্ৰতি শত্ৰুতাসুলভ আচৰণ অব্যাহত ৰাখিছে ৰাজ্যখনৰ প্ৰশাসনৰ লগতে দল–সংগঠনে।
আনহাতে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আন এক নিৰ্দেশনাযোগে অসমত বাস কৰা মিজো লোকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্যৰ আৰক্ষীক আহ্বান জনাইছে। বিশেষকৈ কামৰূপৰ উপায়ুক্ত, কাছাৰৰ উপায়ুক্ত, আৰক্ষী আয়ুক্ত, কাছাৰৰ আৰক্ষী অধীক্ষকক গুৱাহাটী আৰু কাছাৰৰ মিজোৰাম হাউছত থকা মিজো লোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ নিৰ্দেশনা দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|