உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ক'ভিড অ'মিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ SOP জাৰি, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

    ক'ভিড অ'মিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ SOP জাৰি, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

    আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বাবে নিগেটিভ ওলালেও ৭ দিনৰ কোৱাৰেণ্টাইন বাধ্যতামূলক

    আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বাবে নিগেটিভ ওলালেও ৭ দিনৰ কোৱাৰেণ্টাইন বাধ্যতামূলক

    আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বাবে নিগেটিভ ওলালেও ৭ দিনৰ কোৱাৰেণ্টাইন বাধ্যতামূলক

    • Share this:
    দক্ষিণ আফ্ৰিকা, বটছৱানা, ঘানা, হংকং, ইংলেণ্ড, ইটালীসহ ইউৰোপীয় দেশসমূহ, ইজৰায়েল, জাৰ্মানী, কানাডা, পৰ্টুগাল আদিকে ধৰি বিশ্বৰ প্ৰায় ৩০খন দেশত শেহতীয়াকৈ উদ্বেগজনক হাৰত সংক্ৰমণ ধৰা পৰা ক'ভিডৰ নতুন প্ৰজাতি অ'মিক্ৰনৰ ভাৰততো উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত অসমত ক'ভিড সম্পৰ্কীয় এক নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (SOP) আজি জাৰি কৰে ৰাজ্য চৰকাৰে।

    ভাৰত চৰকাৰৰ অ'মিক্ৰন সম্পৰ্কীয় শেহতীয়া প্ৰট'কলৰ আধাৰত অসমলৈ প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লগা নিয়মাৱলী সুনিৰ্দিষ্ট কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে দেওবাৰে বিতং SOP প্ৰকাশ কৰিছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি নিশা এই কথা ঘোষণা কৰে।

    স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, অ'মিক্ৰন (Omicron) সম্পৰ্কীয় এই এছঅ'পি অনুসৰি বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে ৰাজ্যৰ বিমান বন্দৰত অৱতৰণৰ পাছত ক'ভিড পৰীক্ষণত নিগেটিভ হ'লেও ন্যূনতম ৭ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব।

    আনহাতে, ক'ভিড প'জিটিভ ওলালে নিৰ্দিষ্ট প্ৰট'কল অনুসৰি চিকিৎসাধীন কৰাৰ লগতে তেনে যাত্ৰীৰ নমুনা জেন'মিক পৰীক্ষাৰ বাবে উপযুক্ত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ'ব। বিমান বন্দৰত অৱতৰণৰ পাছতে বিদেশ ভ্ৰমণ কৰি অহা বা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী সকলো যাত্ৰীৰে ক'ভিডৰ আৰ টি পিচিআৰ পৰীক্ষাও বাধ্যতামূলক কৰা হৈছে।

    বিমানবন্দৰত এই ক'ভিড (Covid19) পৰীক্ষাৰ পৰা ৫ বছৰৰ শিশু ভ্ৰমণকাৰীক ৰেহাই দিয়া হ'ব। অৱশ্যে এনে শিশু যাত্ৰীৰ শৰীৰত ক'ভিডৰ লক্ষণ পৰিলক্ষিত হ'লে তেওঁৰ ক'ভিড পৰীক্ষা কৰা হ'ব। বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী প্ৰধানকৈ বিমানবন্দৰেৰে অহাৰেই অধিক সম্ভাৱনা থকাৰ প্ৰতি লক্ষ্য ৰাখি বিমানবন্দৰ থকা ৰাজ্যখনৰ প্ৰতিখন জিলা প্ৰশাসনক এনে যাত্ৰীক বিমানবন্দৰত অৱতৰণৰ পাছৰে পৰা নিৰন্তৰ নিৰীক্ষণত ৰখাৰ লগতে নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈও এছঅ'পিৰ জৰিয়তে দায়িত্ব ন্যস্ত কৰা হৈছে বুলিও স্বাস্থ্যমন্ত্ৰী মহন্তই সদৰি কৰে।

    ৰাজ্যত অ'মিক্ৰনৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে জাৰি কৰা নতুন এছঅ'পিখনৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ হৈছে-

    ১. অসম অভিমুখী বা অসমৰ পৰা যোৱা প্ৰতিগৰাকী বিমানযাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে বিমান যাত্ৰাৰ পূৰ্বেই বিগত ১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্তসহ 'এয়াৰসুবিধা' প'ৰ্টেলত স্ব-ঘোষণাপত্ৰ দাখিল কৰাৰ লগতে ভ্ৰমণৰ পূৰ্বৰ ৭২ঘণ্টাৰ ভিতৰত কৰা ক'ভিড  পৰীক্ষাৰ নিগেটিভ ৰিপোৰ্ট আপলোড কৰিব লাগিব। তদুপৰি, পৰীক্ষাৰ সত্যতা নিশ্চিত কৰি স্ব-ঘোষণাও আপলোড কৰিহে বিমানত উঠাৰ অনুমতি লাভ কৰিব পাৰিব।

    ২. বিমানত উঠাৰ পূৰ্বেই এয়াৰসুবিধা প'ৰ্টেলৰ জৰিয়তে বা এয়াৰলাইন্স কৰ্তৃপক্ষৰ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ক বিমান যাত্ৰীয়ে ক'ভিড সন্দৰ্ভত গৃহ বা প্ৰতিষ্ঠানিক কোৱাৰেণ্টিনত থাকিবলৈ চৰকাৰী কৰ্তৃপক্ষই দিয়া সিদ্ধান্ত পালন কৰিবলৈ সন্মতি জনাই স্ব-ঘোষণা দাখিল কৰিব লাগিব।

    ৩. ইতিমধ্যে অ'মিক্ৰনৰ সংক্ৰমণ ঘটা দেশসমূহৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত বিমানবন্দৰত অধিক কঠোৰ সতৰ্কতামূলক ব্যৱস্থাৰ লগতে বিশেষ ক'ভিড প্ৰট'কল অনুসৰণ কৰা হ'ব।

    ৪. বিমানবন্দৰত অৱতৰণৰ পাছত ক'ভিড পৰীক্ষণৰ বাবে যাত্ৰীয়ে নমুনা দিব লাগিব। 

    ৫. বিমানবন্দৰত অৱতৰণৰ পাছত ন্যূনতম শাৰীৰিক দূৰত্বকে ধৰি সকলো ক'ভিড প্ৰট'কল মানি যাত্ৰীয়ে বিমানৰ পৰা নামিব লাগিব।
    Published by:Gautam Barman
    First published: