মুখ্যপৃষ্ঠা »খবৰ »অসম »NAZIRA : জয়মতীৰ জন্মস্থান নাজিৰাৰ মাদুৰিত ৰাজ্য চৰকাৰে স্থাপন কৰিব মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰ

NAZIRA : জয়মতীৰ জন্মস্থান নাজিৰাৰ মাদুৰিত ৰাজ্য চৰকাৰে স্থাপন কৰিব মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰ

ৰাজ্য চৰকাৰৰ  সামাজিক  ন্যায় আৰু সৱলীকৰণৰ বিভাগে মুকলি কৰি দিছে ৪ কোটি টকা।

ৰাজ্য চৰকাৰৰ  সামাজিক  ন্যায় আৰু সৱলীকৰণৰ বিভাগে মুকলি কৰি দিছে ৪ কোটি টকা।

ৰাজ্য চৰকাৰৰ  সামাজিক  ন্যায় আৰু সৱলীকৰণৰ বিভাগে মুকলি কৰি দিছে ৪ কোটি টকা।

  • Share this:
মহাসতী জয়মতীৰ জন্মস্থান নাজিৰা মাদুৰিত ৰাজ্য চৰকাৰে স্থাপন কৰিব মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰ। ৰাজ্য চৰকাৰৰ সামাজিক  ন্যায় আৰু সবলীকৰণ বিভাগে প্ৰাথমিক পৰ্যায়ত প্ৰকল্পস্থলী নিৰ্মাণৰ বাবে ৪ কোটি টকা মুকলি কৰি দিছে।

এই ধনৰাশিৰে ১৩ বিঘা মাটিত মহীয়সী জয়মতীৰ স্মৃতি ক্ষেত্ৰৰ চৌহদৰ দেৱাল, মহীয়সী জয়মতীৰ এটি প্ৰতিমূৰ্তি, প্ৰেক্ষাগৃহ , টাই ভাষাৰ বিদ্যালয় গঢ়ি তোলা হ'ব। ২৭ আৰু ২৮ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে নাজিৰাৰ মাদুৰিত অসম চৰকাৰৰ আহোম জনগোষ্ঠী উন্নয়ন উন্নয়ন সমিতিৰ সৌজন্যত, মাদুৰি জয়া স্মৃতি দিৱস স্থায়ী সমিতিৰ উদ্যোগত তথা বৃহত্তৰ মাদুৰি,মেছাগড় মঠিয়াছিগাবাসী ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত উদযাপন কৰিবলৈ লোৱা ৩৪৪ সংখ্যক  জয়মতীৰ স্মৃতি দিৱস কাৰ্যসূচীৰ দ্বিতীয় দিনা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকাই মহীয়সী জয়মতী স্মৃতি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব।

ইতিমধ্যে জয়মতী স্মৃতি বিজড়িত মাদুৰিত পূৰ্ণগতিত চলিছে জয়মতী স্মৃতি দিৱসৰ প্ৰস্তুতি৷ দুদিনীয়া কাৰ্যসূচীৰে মাদুৰিত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব লগা ৩৪৪ সংখ্যক মহীয়সী জয়মতী স্মৃতি দিৱস উদযাপনৰ লগত সংগতি ৩৪৪খন পতাকা উত্তোলন কৰাৰ লগতে ৩৪৪গৰাকীকৈ মহিলাই পৰিৱেশন কৰিব সমৱেত সংগীত। ইয়াৰ উপৰি প্ৰথম দিনা অনুষ্ঠিত হ'ব ৰাজ্যিক ভিত্তিত জয়মতী নাটক প্ৰতিযোগিতা৷

শেহতীয়া বাতৰি