• Home
  • »
  • News
  • »
  • assam
  • »
  • ব্লেক ফাংগাছ সন্দৰ্ভত প্ৰতিবেদন দিবলৈ বিশেষজ্ঞক দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ

ব্লেক ফাংগাছ সন্দৰ্ভত প্ৰতিবেদন দিবলৈ বিশেষজ্ঞক দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ

ব্লেক  ফাংগাছ সন্দৰ্ভত স্বাস্থ্য বিভাগে গুৰুত্বসহকাৰে নজৰ ৰাখি থকা বুলি জানিবলৈ দি ব্লেক ফাংগাছক লৈ আতংকিত নহ'বলৈ ৰাইজলৈ আহ্বান জনাইছে।

  • Share this:

অসমত কোভিড আক্ৰান্তৰ শৰীৰত ব্লেক ফাংগাছৰ উপস্থিতিৰ আংশকাক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। ব্লেক ফাংগাছৰ বিষয়টো অধ্যয়ন কৰি ৰাজ্য চৰকাৰক প্ৰতিবেদন দিবলৈ ইতিমধ্যে স্বাস্থ্য বিভাগে চিকিৎসা বিশেষজ্ঞক দায়িত্ব অৰ্পণ কৰিছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বিয়লি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে। তেওঁ জনোৱা মতে, বিশেষজ্ঞসকলে আজি নিশাৰ ভিতৰতে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব।

বিশেষজ্ঞৰ প্ৰতিবেদন লাভৰ পাছতে ৰাজ্য চৰকাৰে ব্লেক ফাংগাছ সন্দৰ্ভত যথোচিত কাৰ্যব্যৱস্থাৰ নিৰ্দেশনা জাৰি কৰিব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিষয়টোক স্বাস্থ্য বিভাগে যথেষ্ট গুৰুত্বসহকাৰে লৈ নজৰ ৰাখি থকা বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে ব্লেক ফাংগাছক লৈ আতংকিত নহ'বলৈ ৰাইজলৈ আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে ৰাইজক আশ্বস্ত কৰি কয় যে ব্লেক ফাংগাছ কোনো ধৰণৰ সংক্ৰামক ৰোগ নহয়। সেয়ে, এই লৈ আতংকিত হোৱাৰ পৰিৱৰ্তে জনসাধাৰণক ন্যূনতম সামাজিক দূৰত্ব, মাস্ক ব্যৱহাৰ আৰু সঘনাই চাবোনেৰে হাত ধোৱা বা ছেনিটাইজ কৰাৰ নিয়মসমূহ মানি চলাত সচেষ্ট হৈ কোভিডৰ সংক্ৰমণ প্ৰতিৰোধত আগভাগ ল'বলৈ অনুৰোধ জনায়।

Published by:Gautam Barman
First published: