
পৌৰ কৰ্মচাৰীৰ অনাদায় দৰমহাৰ বাবদ ৯৮.৬৯১২ কোটি টকা মুকলি ৰাজ্য চৰকাৰৰ
পৌৰ কৰ্মচাৰীৰ অনাদায় দৰমহাৰ বাবদ ৯৮.৬৯১২ কোটি টকা মুকলি ৰাজ্য চৰকাৰৰ
ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। কাৰণ দীৰ্ঘদিন ধৰি অনাদায় হৈ থকা পৌৰ কৰ্মচাৰীসকলৰ দৰমহা আজি মুকলি কৰি দিছে ৰাজ্য চৰকাৰে। পৌৰ কৰ্মীসকলৰ দৰমহা তথা মজুৰিৰ বাবদ আজি বিত্ত বিভাগে গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ অধীনস্থ পৌৰ প্ৰশাসন সঞ্চালকালয়লৈ আজি ৯৮.৬৯১২ কোটি টকা মোকলাই দিয়ে।
উল্লেখযোগ্য যে, বিভিন্ন কাৰণত বিগত কিছুকাল ধৰি দৰমহা অনাদায় হৈ থকাৰ বাবে ৰাজ্যৰ পৌৰ কৰ্মীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল। ৰাজ্য চৰকাৰৰ আজিৰ এই পদক্ষেপে তেওঁলোকক যথেষ্ট সকাহ দিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|