২০২০ চনৰ ২৭ জানুৱাৰীত এনডিএফবিৰ আটাইকেইটা গোটৰ লগতে আন বহুকেইটা বড়ো জাতীয় সংগঠনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত BTR চুক্তি কৰিছিল৷ BTR চুক্তিয়ে বিগত কেইবাটাও দশকৰ বড়ো ভূমিৰ হিংসাৰ ওৰ পেলাইছিল৷ ভাৰত চৰকাৰৰ উত্তৰ–পূবৰ মূল সুঁতিলৈ উভতি অহা উগ্ৰপন্থীসকলক পুনৰ সংস্থাপনৰ বাবে প্ৰত্যেক গৰাকীকে এককালীনভাৱে দিয়ে ৪ লাখ টকাকৈ৷
BTR চুক্তিৰ সময়ত এনডিএফবিৰ চাৰিওটা গোটৰ ১৬১৫ গৰাকী সদস্যই অস্ত্ৰ সমৰ্পণ কৰিছিল৷ য’ত ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী, বি চাৰাইগৌৰাকে ধৰি এনডিএফবিৰ শীৰ্ষ নেতৃত্বই অস্ত্ৰ সম্বৰন কৰি মূল সুঁতিলৈ আহিছিল৷ অসম চৰকাৰে উভতি অহা লোকসকলক পুনৰসংস্থাপন আঁচনিৰ যোগেদি ১২৭৯ গৰাকীক চাৰি লাখ টকাৰ ফিক্স ডিপজিট চাৰ্টিফিকেট প্ৰদান কৰে৷ আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মূল সুঁতিলৈ অহা সকলোকে অভিনন্দন জনোৱাৰ লগতে আৰ্থিক সাহায্যৰে নিজৰ ভৰিত থিয় দিব পাৰিব বুলি আশা কৰে৷ লগতে BTR চুক্তিৰ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সদৰি কৰে৷
আনহাতে, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই প্ৰাক্তন উগ্ৰপন্থী সদস্যসকলে পোৱা ৪ লাখ টকাৰ ফিস্ক ডিপজিটৰ যোগেদি বেংকৰ পৰা ঋণ লৈ খেতিয়ে হওক বা আন ব্যৱসায় কৰি নিজৰ ভৰিত নিজে থিয় দিব পাৰিব কয়৷ লগতে কোনো লোকে যদি অপৰাধজনিত কাম–কাজত লিপ্ত হয় তেন্তে সাধাৰণ অপৰাধীতকৈ অধিক কঠোৰ শাস্তি পাব বুলিও সকীয়াই দিয়ে৷
আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকি BTR প্ৰমুখ প্ৰমোদ বড়ো, উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে চৰকাৰৰ এই কাৰ্যৰ যোগেদি মূল সুঁতিলৈ উভতি অহা লোকসকলকে নহয় BTR অঞ্চলত শান্তি বাহাল ৰখাতো সহায় কৰিব বুলি আশা প্ৰকাশ কৰে৷
উক্ত অনুষ্ঠানত উপস্থিত থাকি 4corps GOC লেফটেনেণ্ট জেনেৰেল সান্তনু দয়ালে ভাৰতীয় সেনাই প্ৰাক্তন উগ্ৰপন্থী সদস্যসকলক পূৰ্ণ সংস্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰ তথা আৰক্ষীক সহায় কৰাৰ কথা সদৰি কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|