ৰাজ্যিক কৰ্মচাৰীৰ বাবে ফেব্ৰুৱাৰী মাহৰ পৰা আকৰ্ষণীয় সুবিধা, অৱসৰৰ বয়স কৰা হ’ব নেকি ৬২?

News18 Assam | News18-Assam
Updated:November 22, 2020, 6:55 PM IST
ৰাজ্যিক কৰ্মচাৰীৰ বাবে ফেব্ৰুৱাৰী মাহৰ পৰা আকৰ্ষণীয় সুবিধা, অৱসৰৰ বয়স কৰা হ’ব নেকি ৬২?
Source-Google

ৰাজ্যিক কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬২ বছৰ কৰা হ’ব নেকি?

  • Share this:
শনিবাৰে ৰাজ্যিক কৰ্মচাৰী পৰিষদৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত কর্মচাৰীসকলে পূর্বে লাভ কৰা ফিক্সড টি এ পুনৰ প্রৱর্তন,  জিলা পর্যায়ৰ কার্যালয়ত মুখ্য সহায়ক পদ সৃষ্টি, ঠিকা ভিত্তিত নিয়োজিত কর্মচাৰীসকলৰ ৬০ বছৰ বয়সলৈ চাকৰিৰ নিশ্চয়তা প্ৰদান,  খালী পদ শীঘ্রে পূৰণ, সকলো বিভাগৰ সেৱা বিধি প্রৱর্তন আদি বিভিন্ন দিশত আলোচনা কৰা হৈছে। আনকি কৰ্মচাৰী পৰিষদে অৱসৰৰ বয়স ৬২ কৰিবলৈও চৰকাৰক অনুৰোধ জনাইছে বুলি জানিব পৰা গৈছে।

ৰাজ্যিক কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬২ বছৰ কৰা হ’ব নেকি?

এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে এই সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে তেনেদৰেই আগবাঢ়িব ৰাজ্য চৰকাৰ।

ঠিক সেইদৰে ৰাজ্য চৰকাৰে ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে বিনামূলীয়াকৈ স্বাস্থ্য সেৱা আঁচনি কাৰ্যত ৰূপ দিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইফালে শিক্ষকসকলৰ বহু প্রত্যাশিত আর্জিত ছুটীও ২৪ দিনলৈ বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে ৷ শনিবাৰে সদৌ অসম কর্মচাৰী পৰিষদৰ কর্ণধাৰ সমিতিৰ সৈতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  এখন বৈঠকত ভাগ লৈ এই সিদ্ধান্ত গ্ৰহণ কৰে।

বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব ভি এছ ভাস্কৰ, বিত্ত বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাও উপস্থিত থাকে।
Published by: Himangshu Bhuyan
First published: November 22, 2020, 6:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading