চৰকাৰী আশ্ৰয় শিবিৰত থকা বা এনে আশ্ৰয় শিবিৰ সদৃশ পৰিৱেশত থকা সকলো মানুহৰ নাম পঞ্জীয়ন কৰাৰ বাবে জিলা উপায়ুক্তত নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ বানাক্ৰান্ত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে বান পৰিস্থিতিক লৈ কৰা পৰ্যালোচনা সভাত এই নিৰ্দেশ দিয়ে (Compensation to Flood Victim)।
মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত এখন মাষ্টাৰ ৰেজিষ্টাৰ বনাবলৈ নিৰ্দেশ দি সচিবসকল আৰু জিলাৰ দায়িত্বত থকা মন্ত্ৰীসকলক সেই মাষ্টাৰ ৰেজিষ্টাৰখন দিবলৈ কয়৷ আৰু ইয়াৰ ভিত্তিতে আশ্ৰয় শিবিৰত থকা বা এনে আশ্ৰয় শিবিৰ সদৃশ পৰিৱেশৰ পৰা ঘৰলৈ ঘূৰি যোৱা লোকসকলক ৩৮০০ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে। এই সাহায্য বেক একাউণ্টৰ জৰিয়তেহে পাব ৰাইজে ৷ ইয়াৰ বাবে প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ বেংক একাউণ্ট নম্বৰ, আধাৰ কাৰ্ড বা ভোটাৰ পৰিচয় পত্ৰ সংগ্ৰহ কৰিব লাগিব সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকলে ৷ লগতে অনুদান পৰিয়ালসকলে পাইছে নে নাই সেয়া পৰীক্ষা কৰিব সচিব আৰু জিলাৰ দায়িত্বত থকা মন্ত্ৰীসকলে।
এই সকলো বান সাহাৰ্য বেক একাউণ্টৰ জৰিয়তেহে পাব ৰাইজে ৷ ইয়াৰ বাবে প্ৰতিটো পৰিয়ালৰ মূৰব্বীৰ বেংক একাউণ্ট নম্বৰ, আধাৰ কাৰ্ড বা ভোটাৰ পৰিচয় পত্ৰ সংগ্ৰহ কৰিব লাগিব সংশ্লিষ্ট জিলাৰ উপায়ুক্ত সকলে ৷
মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) লগতে বানত সম্পূৰ্ণ বিধ্বস্ত হোৱা ঘৰ আৰু আংশিকভাৱে বিধ্বস্ত হোৱা ঘৰৰ তালিকা ১৫ জুলাইৰ ভিতৰত সকলো উপায়ুক্তকে দিবলৈ নিৰ্দেশ দিয়ে। ১৫ জুলাইৰ ভিতৰত বানত ক্ষতিগ্ৰস্ত ঘৰৰ তালিকা প্ৰস্তুত কৰাৰ পিছত ১৫ আগষ্টৰ ভিতৰত সকলো প্ৰকাৰৰ বান ক্ষতিপূৰণ প্ৰদান কৰিব চৰকাৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|