জনতা ভৱনত আজি অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠক আৰম্ভৰ প্ৰাকমুহূৰ্তত ৰাজ্য চৰকাৰে মাজুলীৰ নিমাতীঘাটৰ নাও দুৰ্ঘটনাক লৈ মৌন প্ৰাৰ্থনা কৰে। দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা পৰীমিতাৰ প্ৰতি শোক প্ৰকাশ কৰে মন্ত্ৰী পৰিষদে।
১ মিনিটৰ মৌন প্ৰাৰ্থনাৰ অন্তত কেবিনেট বৈঠকৰ আৰম্ভণি কৰা হয়। উল্লেখ্য, মাজুলীৰ নাও দুৰ্ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ বিশেষকৈ পৰিবহণ বিভাগক লৈ সৰৱ হৈ পৰা দেখা গৈছে বিৰোধী ৰাজনীতিক তথা ৰাইজৰ একাংশক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|