আগন্তুক ১৫ ডিচেম্বৰত যোৰহাটত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। এই উপলক্ষে সমগ্ৰ যোৰহাট নগৰখনক সঁজাই তোলা হৈছে। যিহেতু ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব সেয়েহে যোৰহাটৰ প্ৰতিটো বিভাগে যথেষ্ট তৎপৰতাত ব্যস্ত হৈ পৰিছে ইয়াৰ আয়োজনৰ বাবে। উক্ত দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৮৩৭ কোটি টকাৰ ১৬ টাকৈ বৃহৎ অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ কৰিব। ১৫ ডিচেম্বৰৰ পুৱাৰ ভাগত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ হোলোঙাপাৰস্থিত লাচিত মৈদামৰ লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ ভুমি পূজন সম্পন্ন কৰিব।
উল্লেখ্য যে, মুঠ ৪৮ বিঘা ২ কঠা ১৭ লেচা ভূমিত ১৪৯.৮২ কোটি টকা ব্যয়েৰে এই বৃহৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পত ১২৫ ফুট উচ্চতাৰ জাতীয় বীৰ লাচিত বৰফুকনৰ ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হ’ব। পুৱাৰ ভাগতেই সম্পন্ন হ’বলগীয়া ভুমি পূজন কাৰ্যসূচীৰ বাবে প্ৰশাসনে ক্ষীপ্ৰতাৰে প্ৰস্তুতি চলাইছে।
মন কৰিবলগীয়া যে, যোৰহাটত মুখ্যমন্ত্ৰীৰ আগমনক লৈ অস্থায়ীভাৱে এটা হেলিপেড নিৰ্মাণ কৰা হৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 13, 2022, 08:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|