আজি ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সংবাদমেলযোগে অৱগত কৰে। পদপথ ব্যৱসায়ীৰ পৰা মাজুলী–যোৰহাট সংযোগী দলং তথা মহাকাশ বিজ্ঞানক লৈও লোৱা হয় সিদ্ধান্ত। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে জনোৱা অনুযায়ী কেবিনেটত লোৱা হয় এই সিদ্ধান্ত–
কেবিনেট সিদ্ধান্ত:
–মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বাবে চলিত বৰ্ষত ৪০০ কোটি টকা অনুমোদন।
–প্ৰধানমন্ত্ৰী পদপথ ব্যৱসায়ী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ঋণৰ ক্ষেত্ৰত পদপথ ব্যৱসায়ীসকলক ষ্টাম্প ডিউটী ৰেহাইৰ সিদ্ধান্ত। ৰাজ্য চৰকাৰে নিজে বহন কৰিব এই ষ্টাম্প ডিউটী। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৫২,০০০ পদপথ ব্যৱসায়ীয়ে সকাহ পাব।
–মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যিক জিএছটি ৰেহাই দিয়াৰ সিদ্ধান্ত। পাছত ৰি-ইম্বাৰ্ছমেণ্টৰ জৰিয়তে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব।
– ২০২২ চনৰ কেলেণ্ডাৰত চৰকাৰী বন্ধৰ দিন নিৰ্ধাৰণ কৰা হয়। এইবাৰ মুঠ চৰকাৰী বন্ধৰ দিন হ'ব ৩৪ টা।
–বৰাক উপত্যকাৰ বাবে বন বিভাগৰ এটা বন্যপ্ৰাণী মণ্ডল গঠনত অনুমোদন।
ইয়াৰ উপৰি মহাকাশ বিজ্ঞানক লৈ লোৱা হয় এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুযায়ী অসমত মহাকাশ বিজ্ঞানৰ বহুল প্ৰয়োগৰ বাবে আজি কেবিনেটে অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰ (Assam State Space Application Centre) গঠন কৰে। ইয়াৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ড০ পি এল এন ৰাজুক। তেওঁ অলপতে শ্বিলংস্থিত ভাৰত চৰকাৰৰ উত্তৰ–পূৱ মহাকাশ প্ৰায়োগিক কেন্দ্ৰ (NESAC)ৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে।
নৱগঠিত ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ সৈতে সদ্যহতে ৰাজ্য চৰকাৰৰ ২২টা বিভাগে সমন্বিতভাৱে ৰাজ্যত মহাকাশ প্ৰযুক্তিৰ বহুল প্ৰয়োগত মনোনিৱেশ কৰিব। এই নতুন স্বতন্ত্ৰ ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰ গঠনৰ লগে লগে অসম ৰাজ্যিক বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনৰ পূৰ্বৰ ৰাজ্যিক ৰিমোট চেনচিং এপ্লিকেচন চেণ্টাৰক বিলুপ্ত কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|