গোলাঘাটত জ্বলাই দিয়া হ'ল ২০ কোটি টকা মূল্যৰ ড্ৰাগছ। ড্ৰাগছৰ ব্যৱসায় নিৰ্মূলৰ বিৰুদ্ধে যুঁজ দিয়া অসম আৰক্ষীয়ে আজি দুমাহে জব্দ কৰা ড্ৰাগছ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ড্ৰাগছ জ্বলাই দিয়ে। এই ড্ৰাগছৰ ভিতৰত আছে ৮০২ গ্ৰাম হেৰোইন, ১২০৫ কিলোগ্ৰাম গাঞ্জা, ৩ কিলোগ্ৰাম আফিং আৰু ২,০৬,৯০৬টা নিচাযুক্ত টেবলেট।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ জ্বলাই উঠি কয়– "আগতে প্ৰচলিত মুঠ পৰিমাণৰ মাত্ৰ ১০ শতাংশ অবৈধ ড্ৰাগছ জব্দ কৰা হৈছিল। এইবাৰ দুমাহৰ ভিতৰত আমি প্ৰায় ২০ৰ পৰা ৩০ শতাংশ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছো। গতিকে এই বজাৰ কিমান প্ৰসাৰিত পৰিসংখ্যাৰ পৰা তাৰ কল্পনা কৰিব পাৰে। দুমাহৰ ভিতৰত আমি ৭০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছো। ই দেখুৱাই যে এনে অবৈধ কাৰ্যকলাপৰ বাবে অসমৰ পৰা কিমান পৰিমাণৰ ধন উলিয়াই নিয়া হৈছিল।'
Fight Against Drugs
Kudos to @assampolice for having been diligent in their resolve to eliminate drugs cartels in #Assam.
Today in Golaghat, we destroyed 802 gm Heroin worth more than Rs 20 cr, 1205 kg Ganja/Cannabis, 3kg Opium & 2,06,906 nos tablets.
1/3 pic.twitter.com/GPobxcfDpJ
— Himanta Biswa Sarma (@himantabiswa) July 17, 2021
ড০ শৰ্মাই লগতে ড্ৰাগছ সম্পৰ্কীয় যিকোনো বিষয়ত আৰক্ষীক অৱগত কৰিবলৈ জনসাধাৰণক অনুৰোধ জনায়। তেওঁ অসম আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰে চিআৰপিচিৰ ভিতৰত কাম কৰাৰ সম্পূৰ্ণ স্বাধীনতা দিয়ে।
উল্লেখ্য, মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে মন্ত্ৰী অজন্তা নেওগ, কেশৱ মহন্ত, অতুল বৰা, যোগেন মোহন, অশোক সিংঘল, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ মহন্ত, বিধায়ক প্ৰশান্ত ফুকন, ভবেন্দ্ৰ নাথ ভৰালী আৰু বিশ্বজিৎ ফুকনো উপস্থিত আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|