• Home
  • »
  • News
  • »
  • assam
  • »
  • Jagiroad : জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ৰাজ্যিক কৃষক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

Jagiroad : জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ৰাজ্যিক কৃষক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

জাগীৰোডৰ সীতাজখলাত প্ৰমোদ বড়ো

জাগীৰোডৰ সীতাজখলাত প্ৰমোদ বড়ো

জাগীৰোডৰ সীতাজখলাত প্ৰমোদ বড়ো

  • Share this:
জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ পঞ্জীয়নৰ ৬৫ তম বৰ্ষৰ পৰা তিনিবছৰীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে “বৃত্তিগত গো-সেৱাৰ শতবৰ্ষ” উদযাপনৰ আনুষ্ঠানিক ঘোষণা আৰু প্ৰয়াত নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা প্ৰদান অনুষ্ঠানটি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় আমলিঘাটস্থিত ৰৌমাৰী খেলপথাৰত ৷

অনুষ্ঠানৰ আৰম্ভণিতে বৃক্ষৰোপণ কৰে গোভা ৰজা দিপচিং দেওৰজাই ৷ ইয়াৰ পিছতে সীতাজখলা মইনা পাৰিজাতৰ অস্থায়ী গৃহ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক প্ৰবীণ কুমাৰ ডেকাই ৷ পৰৱৰ্তী সময়ত বিশিষ্ট ব্যক্তিসকলক সভালৈ আদৰি আনে মইনা পাৰিজাতৰ শিশুসকলে ৷

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা সাহিত্যিক পেঞ্চনাৰ নাৰায়ণ কুমাৰ ৰাডু কাকতিৰ সঞ্চালনাত অনুষ্ঠিত সভাত প্ৰকাশ কৈৰালাৰ “ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ গোৰ্খা মুক্তিযুঁজাৰু সকল” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বিটিচি চীফ প্ৰমোদ বড়োৱে ৷

আনহাতে পদুম বৰাইলীয়ে সম্পাদনা কৰি উলিওৱা “সীতাজখলা” শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই ৷ ইয়াৰোপৰি হেমভাইৰ শ্ৰীমদ্ভাগৱতগীতাৰ প্ৰথম অধ্যায়ৰ চিন্তা দেৱীৰ নেপালী অনুবাদ উন্মোচন কৰে শান্তি সাধনা আশ্ৰমৰ অধ্যক্ষ হেমভায়ে ৷ লগতে মৈত্ৰেয়ী শৰ্মাৰ কবিতা পুথি “Acceptance, A Phase of Life” উন্মোচন কৰে অসমৰ ৰাজ্যিক তথ্য আয়ুক্ত ড° সমুদ্ৰগুপ্ত কাশ্যপে ৷

ইয়াৰ পিছতে প্ৰদান কৰা হয় প্ৰয়াত নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা ৷ সেইমৰ্মে ২০২০ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় গোৱালপাৰাৰ সমন্বিত কৃষক দেৱব্ৰত ৰাভাক ৷ একেদৰে ২০২১ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় গহপুৰৰ মৎস্য কৃষক অনুপ শৰ্মাক ৷ আনহাতে ২০২২ বৰ্ষৰ বাবে এই বঁটা আগবঢ়োৱা হয় পাভৈৰ জৈৱিক কৃষক নীলম দত্তলৈ ৷

অনুষ্ঠানত মুখ্য আতিথি হিচাপে উপস্থিত থাকি প্ৰমোদ বড়োৱে কয় যে, অসমত পৰ্যাপ্ত গাখীৰ উৎপাদন নোহোৱাৰ বাবেই বহু শিশু আৰু গৰ্ভৱতী মহিলাই পুষ্টিহীনতাত ভোগে ৷ সীতাজখলাক প্ৰেৰণা হিচাপে লৈ অসমত সমবায় আন্দোলনেৰে দুগ্ধ উৎপাদন অধিক শক্তিশালী কৰিলেহে এই সমস্যাৰ সমাধান হ'ব ৷

আনহাতে অসম-মেঘালয়ৰ চলি থকা সীমা সমস্যা সন্দৰ্ভতো মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ কাশ্মীৰৰ দৰে সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা কেন্দ্ৰীয় চৰকাৰ তথা গৃহমন্ত্ৰী অমিত শ্বাহে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সীমা সমস্যা সমাধান কৰাত কোনো অসুবিধা নাই ৷ কেৱল সকলো পক্ষই এই সমস্যা সমাধানৰ ক্ষেত্ৰত আন্তৰিকতা প্ৰদৰ্শন কৰিলেই সমাধান হ'ব সকলো সীমা সমস্যা ৷ আনহাতে অসম-মেঘালয়ৰ শেহতীয়া পৰিস্থিতি আতি শীঘ্ৰেই স্বাভাৱিক হ'ব বুলিও মত প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷

সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা গাম্ভৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি