"আকৌ নতুন প্ৰভাত হ'ব" শীৰ্ষক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হয় দলৰ প্ৰশিক্ষণ শিবিৰ (State Congress Training Camp Start)। প্ৰশিক্ষণ শিবিৰৰ পতাকা উত্তোলন কৰে অসম প্ৰদেশ কংগ্ৰেছ (Assam Congress) কমিটিৰ সভাপতি ভূপেন বৰাই।
পতাকা উত্তোলনৰ পিছতেই অনুষ্ঠিত প্ৰেক্ষাগৃহৰ মুকলি সভাত সভাপতি ভূপেন বৰাৰ (Bhupen Borah) উপৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়া, বিৰোধীৰ উপ দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ, তিনিগৰাকী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কমলাক্ষ দে' পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰো উপস্থিত থাকে।
অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং (Jitendra Singh)। তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ প্ৰথম দিনটোত AICC নেতা পৃথিৱী ছাথে, সুমন লস্কৰেও অংশগ্ৰহণ। "আকৌ নতুন প্ৰভাত হ'ব" শীৰ্ষক ৰাজ্যিক প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ ১২৬টা সমষ্টিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৃহস্পতিবাৰে প্ৰশিক্ষণ কাৰ্যসূচীত অংশ ল'ব প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|