পিছুৱাই গ’ল অসম! আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সূচাংকত ২০ নম্বৰ স্থানত অসম

News18 Assam | News18-Assam
Updated:September 5, 2020, 11:12 PM IST
পিছুৱাই গ’ল অসম! আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সূচাংকত ২০ নম্বৰ স্থানত অসম
কেন্দ্ৰীয় চৰকাৰে আজি ‘State Business Reform Action Plan 2019 Ranking’ ঘোষণা কৰে ।

কেন্দ্ৰীয় চৰকাৰে আজি ‘State Business Reform Action Plan 2019 Ranking’ ঘোষণা কৰে ।

  • News18 Assam
  • Last Updated: September 5, 2020, 11:12 PM IST
  • Share this:
কেন্দ্ৰীয় চৰকাৰে আজি ‘State Business Reform Action Plan 2019 Ranking’ ঘোষণা কৰে। এই তালিকাৰ যোগেদি দেশৰ ৰাজ্যসমূহে আত্মনিৰ্ভৰ ভাৰত গঢ়িবলৈ উদ্যোগী সকলক বিনিয়োগৰ কাৰণে সুবিধাজনক পৰিৱেশ তৈয়াৰ কৰাৰ দিশত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ মূল্যাংকন কৰা হয় । এই তালিকাত অসমে ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ২০ নম্বৰ স্থান দখল কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে মুকলি কৰা এই তালিকাত প্ৰথম স্থান দখল কৰিছে অন্ধ্ৰ প্ৰদেশে। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে উত্তৰ প্ৰদেশ আৰু তেলেংগানা।



উল্লেখযোগ্য ২০১৮বৰ্ষত অসমে সপ্তদশ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ২০১৯ বৰ্ষত তিনি সূচাংক অৱনমিত হয় ২০ নম্বৰ স্থান দখল কৰিছে অসমে। তালিকাৰ তলৰ পৰা শীৰ্ষত আছে উত্তৰ পূৱৰ ৬ ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা। আটাইকেইখন ৰাজ্যই ২৯তম স্থান দখল কৰিছে। মিজোৰাম আছে ২৫তম স্থানত।

ৰাজ্য এখনে অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা, শ্ৰমিক মোতায়েন, পৰিৱেশ সংৰক্ষণৰ পঞ্জীয়ণ, মাটিৰ যোগান আৰু ‘single window system’ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত উদ্যোগীসকলক আকৰ্ষিত কৰিবলৈ গ্ৰহণ কৰা ফলপ্ৰসূ ব্যৱস্থাৰ ভিত্তিত এই মূল্যাংকন কৰা হয়।
Published by: Himangshu Bhuyan
First published: September 5, 2020, 11:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading