প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপনৰ পথ দেখুৱাব বিজেপিয়ে 

News18 Assam | News18-Assam
Updated:July 20, 2020, 9:43 PM IST
প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপনৰ পথ দেখুৱাব বিজেপিয়ে 
শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে গঠন কৰা এই কোষৰ আহ্বায়ক আৰু সহঃ আহ্বায়কৰ দায়িত্বত ড০ অমিয় ভূঞা, সুভাষ দত্ত৷

শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে গঠন কৰা এই কোষৰ আহ্বায়ক আৰু সহঃ আহ্বায়কৰ দায়িত্বত ড০ অমিয় ভূঞা, সুভাষ দত্ত৷

  • Share this:
প্ৰব্ৰজিত শ্ৰমিকৰ কাষত ৰাজ্যিক বিজেপি৷ কোৰোণাৰ সংকটৰ সময়ত ৰাজ্যলৈ বিভিন্ন ৰাজ্যৰ পৰা ঘূৰি আহিছে লক্ষাধিক শ্ৰমিক৷ ঘৰলৈ ঘূৰি আহি সংস্থাপন হেৰুওৱা লক্ষাধিক শ্ৰমিকক সংস্থাপনৰ পথ দেখুৱাবলৈ বিজেপিয়ে গঠন কৰিলে প্ৰব্ৰজিত শ্ৰমিক কোষ৷

কোৰোণাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পিছতে বহিঃৰাজ্যত কৰ্মৰত প্ৰায় ২ লাখ শ্ৰমিকে হেৰুৱালে সংস্থাপন৷ সংস্থাপন হেৰুৱাই ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিক নিজ ৰাজ্যতে এতিয়া সংস্থাপনহীন৷ এই সংস্থাপনহীন শ্ৰমিকক সংস্থাপনৰ বাট দেখুৱাবলৈ কোষ গঠন কৰিলে বিজেপিয়ে৷

শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে গঠন কৰা এই কোষৰ আহ্বায়ক আৰু সহঃ আহ্বায়কৰ দায়িত্বত ড০ অমিয় ভূঞা, সুভাষ দত্ত৷ কিদৰে সংস্থাপনৰ পথ দেখুৱাব বিজেপিয়ে? ইয়াৰ বাবে বিজেপিয়ে লৈছে এক সুনিপুণ আঁচনি৷

"আমি সংস্থাপন দিম বুলি কোৱা নাই৷ আমি সেইসকল শ্ৰমিকৰ ঘৰলৈ যাম৷ এখন ফৰ্ম দিম, য'ত তেওঁ কি কাম কৰিব পাৰিব বিতংভাৱে আমাক জনাব পাৰিব৷ ইতিমধ্যে আমি হাতে–কামে লাগিছো৷’’ – ক’লে ৰণজিৎ কুমাৰ দাসে।

বিজেপিৰ মন্ত্ৰী–বিধায়ক থকা সমষ্টিত মন্ত্ৰী–বিধায়ক ঘৰে ঘৰে যাব প্ৰব্ৰজিত শ্ৰমিকৰ ঘৰলৈ৷ য'ত বিজেপিৰ মন্ত্ৰী–বিধায়ক নাই সেইসমূহ স্থানত দলীয় কৰ্মীয়েই ল'ব এই দায়িত্ব৷ সংগ্ৰহ কৰিব প্ৰব্ৰজিত শ্ৰমিকজন কি কামত নিয়োজিত হ'ব পৰাৰ আছে দক্ষতা৷ BJPৰ এই কামে নিশ্চয়কৈ সহায় কৰিব চৰকাৰকো৷ প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপন দিয়াত চৰকাৰৰ বাবে হ'ব সহজসাধ্য৷
Published by: Sanjay Kumar Das
First published: July 20, 2020, 9:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading