உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Satra Land: সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ আন এটা খোজ চৰকাৰৰ

    Assam Satra Land: সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ আন এটা খোজ চৰকাৰৰ

    বিজেপি চৰকাৰৰ দিনত অসমৰ সত্ৰৰ ভূমিয়ে সাংবিধানিক সুৰক্ষা লাভ কৰিবলৈ সক্ষম হৈছেঃ ৰূপম গোস্বামী

    বিজেপি চৰকাৰৰ দিনত অসমৰ সত্ৰৰ ভূমিয়ে সাংবিধানিক সুৰক্ষা লাভ কৰিবলৈ সক্ষম হৈছেঃ ৰূপম গোস্বামী

    বিজেপি চৰকাৰৰ দিনত অসমৰ সত্ৰৰ ভূমিয়ে সাংবিধানিক সুৰক্ষা লাভ কৰিবলৈ সক্ষম হৈছেঃ ৰূপম গোস্বামী

    • Share this:

    মহাপুৰুষ শংকৰ-মাধৱৰ আপুৰুগীয়া সৃষ্টি অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ সত্ৰৰ ভূমিসমূহক বেদখলকাৰী কবলৰ পৰা মুক্ত তথা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে (State Government) দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিজেপি চৰকাৰ থকালৈকে সত্ৰৰ ভূমি সুৰক্ষিত হৈ থাকিব (land of Satra will remain safe till the BJP government is in power) বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে৷


    মুখপাত্ৰগৰাকীয়ে কয় যে বঙাইগাঁৱত অনুষ্ঠিত হোৱা কেবিনেটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (Chief Minister Himanta Biswa Sarma) নেতৃত্বাধীন অসম চৰকাৰে সত্ৰৰ বেদখলকৃত মুঠ ভূমি নিৰ্ণয় কৰিবলৈ বিধায়ক প্ৰদীপ হাজৰিকাক অধ্যক্ষ, মৃণাল শইকীয়া আৰু ৰূপক শমাৰ্ক সদস্য হিচাপে নিযুক্তি দি এখন তিনিজনীয়া সমিতি গঠন কৰি দিছিল৷ সেইসূত্ৰে উক্ত তিনিজনীয়া সত্ৰ আয়োগে প্ৰাৰম্ভিক পদক্ষেপ হিচাপে যোৱা দেওবাৰে শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ (Barpeta Satra) পৰিচালনা সমিতিৰ লগত এক বৈঠকত মিলিত হৈ সত্ৰখনৰ বেদখলকৃত ভূমিৰ সম্পৰ্কে অৱগত হয়৷


    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিকতা আৰু দৃঢ়তাৰ বাবেই উক্ত আয়োগে তাৎক্ষণিকভাৱে কাম কৰিবলৈ এক সুস্থিৰ পৰিৱেশ লাভ কৰিছে বুলি মুখপাত্ৰগৰাকীয়ে বিবৃতিত উল্লেখ কৰে৷ শ্ৰী গোস্বামীয়ে লগতে কয় যে কেৱল এয়াই নহয়, বিগত কেবিনটেত ঘোষিত হৈ যোৱা সিদ্ধান্তসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ বাবে ৰাজ্যৰ প্ৰশাসন, উন্নয়ন, সামাজিক ক্ষেত্ৰখনে এক নতুন মাত্ৰাৰ লগতে সুস্থিৰতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বাবে মুখপাত্ৰগৰাকীয়ে ৰাজ্যিক বিজেপিৰ হৈ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনায়৷


    মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে পূৰ্বৰ কংগ্ৰেছ দলে নিজৰ ভোটবেংক সুৰক্ষাৰ স্বাৰ্থত মহাপুৰুষ শংকৰ-মাধৱৰ আপুৰুগীয়া অৱদান সত্ৰসমূহৰ ভূমিক বেদখলকাৰীৰ মুক্ত বিচৰণস্থলীত পৰিণত কৰিছিল৷ ইয়াৰ বিপৰীতে জাতি-মাটি-ভেটি সুৰক্ষাৰ বাবে অংগীকাৰবদ্ধ বিজেপি চৰকাৰে সত্ৰসমূহৰ বেদখলকৃত ভূমি সম্পূৰ্ণৰূপে মুক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে৷

    Published by:Gautam Barman
    First published: