• Home
  • »
  • News
  • »
  • assam
  • »
  • 'ভাৰতৰ ইতিহাসক কংগ্ৰেছীৰ 'নেহৰুকৰণ', এই ইতিহাস, প্ৰকৃত ভাৰতীয় ইতিহাস নহয়!' কিয় এই অভিযোগ আনিলে ৰাজ্যিক বিজেপিয়ে

'ভাৰতৰ ইতিহাসক কংগ্ৰেছীৰ 'নেহৰুকৰণ', এই ইতিহাস, প্ৰকৃত ভাৰতীয় ইতিহাস নহয়!' কিয় এই অভিযোগ আনিলে ৰাজ্যিক বিজেপিয়ে

 বীৰছা মুণ্ডাক স্মৰণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হ'ল ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা৷  

বীৰছা মুণ্ডাক স্মৰণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হ'ল ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা৷  

বীৰছা মুণ্ডাক স্মৰণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হ'ল ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা৷  

  • Share this:
কংগ্ৰেছে নেহৰুকৰণ কৰিলে ভাৰতৰ ইতিহাসক ৷ কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবেই ইতিহাসৰ পাতত নাথাকিল স্বাভিমানী জনজাতীয়ৰ লোকৰ স্বাধীনতা সংগ্ৰামলৈ থকা অৱদান ৷ বীৰছা মুণ্ডাক স্মৰণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হ'ল ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেবিনেটে ১০ নৱেম্বৰত সিদ্ধান্ত লৈছিল বীৰছা মুণ্ডাৰ জন্মৰ দিনটো সমগ্ৰ দেশত ৰাষ্ট্ৰীয় জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰাৰ ৷ কথা মতেই কাম, ১৮৯৮ৰ পৰা ১৯০০চনৰ ভিতৰত বৰ্তমানৰ ঝাৰখণ্ডৰ খুণ্টি,তামাৰ,চাৰৱাদা,বন্দাগাঁও আদি অঞ্চলত বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বৃহৎ প্ৰতিৰোধ গঢ়ি তোলা বীৰছা মুণ্ডাক স্মৰণ কৰিছে সমগ্ৰ দেশে ৷

অসম প্ৰদেশ বিজেপিৰ কাৰ্যালয়তো অনসূচিত জাতি মৰ্চাই পালন কৰিলে জনজাতীয় গৌৰৱ দিৱসৰ ৷ ভাৰতৰ স্বাধীনতা আন্দোলনত জনজাতীয় বিদ্ৰোহ সমূহৰ অৱদানৰ ওপৰত আলোকপাত কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছক ৷

"জৱাহৰলাল নেহৰুৱে আৰ চি মজুমদাৰক ষড়যন্ত্ৰমূলক ভাৱে আঁতৰাইছিল ইতিহাস লিখাৰ পৰা ৷ আৰ চি মজুমদাৰক লিখিবলৈ দিয়া হোৱা নাছিল ভাৰতৰ ইতিহাস ৷ আৰ চি মজুমদাৰক ষড়যন্ত্ৰমূলক আঁতৰাই ইতিহাস লিখাৰ দায়িত্ব দিছিল তাৰা চন্দ্ৰ,ইৰফান হবীব,ৰমীলা থাপাৰ, বিপাঞ্চন আদিক ৷ তাৰা চন্দ্ৰ, ৰমীলা থাপাৰ, ইৰফান হবীব, বিপাঞ্চনে লিখা ইতিহাস প্ৰকৃত ইতিহাস নহয় ৷"— ৰঞ্জীৱ শৰ্মা।

'জনজাতীয় লোক সকলৰ অৱদানক ষড়যন্ত্ৰমূলকভাৱে ইতিহাসৰ পাতৰ পৰা লুকুৱাই ৰাখি জনজাতীয় স্বাভিমানক দমন কৰিছে কংগ্ৰেছে ৷'- এই অভিযোগো বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাৰ ৷

সোমবাৰে বীৰছা মুণ্ডাৰ জন্মদিৱসত ভাৰতৰ ইতিহাসক লৈ এইদৰেই নানা অভিযোগ আনিলে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই ৷ উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বীৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি শিৱনাথ ব্ৰহ্ম, ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত কুমাৰ দাস, বিজেপি মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা,ভাৰতীয় সেনাৰ প্ৰাক্তন লেফটেনেণ্ট কৰ্নেল প্ৰনৱ কুমাৰ ভৰালী আদি ৷
Published by:Himangshu Bhuyan
First published: